NORTHEAST NOW (Assamese)

চখৰ বাবে খৰচ কোটি টকা! হাৰিয়ানাত গাড়ীৰ নম্বৰ প্লেট নিলামত বিক্ৰী হ’ল ১.১৭ কোটিত

November 27, 2025 8:45 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: November 27, 2025 8:15 pm

কোৱা হয় যে চখৰ বাবে খৰচ হয় লাখ টকা। কিন্তু গাড়ীৰ নম্বৰ প্লেটৰ বাবে কিমান টকা দিব পাৰি? বৰ বেছি হ’লে ১ লাখ, তাতকৈ বেছি হ’লে ২০ বা ৫০ লাখ! হাৰিয়ানাত প্ৰমাণ হ’ল চখৰ খৰচ লাখ নহয় কোটি টকা।

হয়, এজন ব্যক্তিয়ে কোটি টকা দি নম্বৰ প্লেট এখন কিনিলে। একে সময়তে এই সপ্তাহৰ নিলামত দেশৰ আটাইতকৈ দামী গাড়ীৰ নম্বৰ প্লেটখন হৈ পৰিল ‘HR88B8888’, আৰু বিক্ৰী হ’ল ১.১৭ কোটি টকাত।

হাৰিয়ানাই প্ৰতি সপ্তাহত ভিআইপি বা ফেন্সি নম্বৰ প্লেটৰ অনলাইন নিলাম অনুষ্ঠিত কৰে। শুকুৰবাৰে সন্ধিয়া ৫ বজাৰ পৰা সোমবাৰে পুৱা ৯ বজাৰ ভিতৰত আবেদন দাখিল কৰা হয়। আবেদনকাৰীয়ে নিজৰ পছন্দৰ নম্বৰৰ বাবে পঞ্জীয়ন কৰে। তাৰ পিছত আৰম্ভ হয় নিবিদা খেল, যাৰ ফলাফল বুধবাৰে সন্ধিয়া ৫ বজাত ঘোষণা কৰা হয়। সমগ্ৰ প্ৰক্ৰিয়াটো চৰকাৰী পৰ্টেল fancy.parivahan.gov.in ত কৰা হয়।

এই সপ্তাহত নিলামৰ বাবে ওলোৱা সকলো সংখ্যাৰ ভিতৰত সৰ্বাধিক আবেদন আছিল‘HR88B8888’ৰ বাবে, মুঠ ৪৫ খন। বেছ প্ৰাইজ আছিল ৫০ হাজাৰ টকা। তাৰ পিছত প্ৰতি মিনিটত দাম বাঢ়ি গৈ থাকিল। দুপৰীয়া ১২ বজাত দৰ ৮৮ লাখ হয়। অৱশেষত বিয়লি ৫ বজাত ১.১৭ কোটিত বন্ধ হৈ গ’ল।

যোৱা সপ্তাহত ‘HR22W2222’ৰ মূল্য উঠিছিল ৩৭.৯১ লাখ টকা। এই সপ্তাহৰ ৰেটে সেই অভিলেখ অতিক্ৰম কৰিবলৈ বহু বেছি আগবাঢ়িল।

‘HR88B8888’ নম্বৰটোৰ ইমান বিশেষ কি? এই ভিআইপি নম্বৰটোক বিশেষ কৰি তোলা কথাটো হ’ল ইয়াৰ অনন্য ৰূপ। ডাঙৰ হাতৰ ‘বি’টো বহুখিনি ‘৮’ৰ দৰেই দেখা যায়। ফলত সমগ্ৰ সংখ্যাটো আঠৰ শাৰী যেন লাগে, যিটো বহুতৰে বাবে ‘ভাগ্যৰ সংখ্যা’।

সংখ্যাটো কেনেকৈ তৈয়াৰ কৰা হয়

• HR — হাৰিয়ানা ৰাজ্যৰ কোড

• ৮৮ — জিলাৰ নিৰ্দিষ্ট আৰ টি অ’

• B — ছিৰিজ ক’ড

• ৮৮৮৮ — ইউনিক চাৰিটা সংখ্যাৰ পঞ্জীয়ন

দেশৰ অন্যান্য ভিআইপি নম্বৰৰ ৰেকৰ্ড

এপ্ৰিল মাহত কেৰেলাৰ টেক বিলিয়নাৰ ভেনু গোপালকৃষ্ণনে তেওঁৰ লেমবৰ্গিনি উৰুছ পাৰফৰ্মেণ্টৰ বাবে ‘কে এল ০৭ ডি জি ০০০৭’ নম্বৰটো ক্ৰয় কৰিছিল। মূল্য আছিল ৪৫.৯৯ লাখ টকা। বেছ প্ৰাইজ আছিল ২৫ হাজাৰ, যিটো দ্ৰুতগতিত অভিলেখ মূল্যলৈ বৃদ্ধি পায়।

যিহেতু ‘০০০৭’ বিখ্যাত জেমছ বণ্ডৰ ক’ডৰ সৈতে মিল আছে, সেয়েহে সেই নম্বৰটোৱেও বিশেষ চাহিদা লাভ কৰিলে।

ভিআইপি নম্বৰৰ বজাৰখন ক্ৰমে উত্তপ্ত

দিন পাৰ হোৱাৰ লগে লগে ভিআইপি বা ফেন্সি নম্বৰ প্লেটৰ চাহিদা (ফেন্সি নম্বৰ মাৰ্কেট) আৰু অধিক বৃদ্ধি পাইছে। এনে নম্বৰ প্লেট এতিয়া ধনী মানুহৰ নতুন চখ। আৰু সেই চখৰ দাম বজাৰত আকাশলংঘী হৈছে।

এই সপ্তাহত হাৰিয়ানাত হোৱা নিলামত স্পষ্ট হৈ পৰিছে যে এতিয়াও মানুহে কিছু সংখ্যাৰ বাবে লাখ-কোটি টকা খৰচ কৰিবলৈ কুণ্ঠাবোধ নকৰে।

Related News