NORTHEAST NOW (Assamese)
ক্ৰীড়া

ভাৰত-পাকিস্তানৰ ক্ৰিকেট দলৰ ক্ৰীড়াসুলভ আচৰণৰ প্ৰশংসাত পঞ্চমুখ হেডেন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 26, 2021 8:05 pm
Hayden on sporting brotherhood displayed by India and Pakistan

অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অপেনাৰ মেথিউ হেডেনে ২৪ অক্টোবৰত অনুষ্ঠিত ভাৰত-পাকিস্তানৰ টি-২০ বিশ্বকাপৰ খেলৰ পিছত চিৰপ্ৰতিদ্বন্দী দেশ দুখনৰ খেলুৱৈ সকলে প্ৰদৰ্শন কৰা ক্ৰীড়া ভাতৃত্ববোধৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে।

খেলুৱৈ সকলৰ ক্ৰীড়াসুলভ আচৰণক প্ৰশংসা কৰি হেডেনে কয় যে খেলুৱৈসকলে তেওঁলোকৰ আচৰণৰ দ্বাৰা এক উদাহৰণ স্থাপন কৰিছে।

দেওবাৰে টি-২০ বিশ্বকাপৰ চুপাৰ ১২ খেলত ভাৰতে প্ৰথমবাৰৰ বাবে আইচিচি বিশ্বকাপত পাকিস্তানৰ হাতত পৰাজিত হয়।

খেলখনৰ পিছতেই ভাৰতীয় অধিনায়কে বিজয়ী দলৰ অন্যতম নায়ক মহম্মদ ৰিজৱানক আলিঙ্গন কৰা আৰু পাক অধিনায়ক বাবৰ আজমৰ সৈতে কৰমৰ্দন কৰা ছবিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।

তদুপৰি ভাৰতৰ প্ৰাক্তন অধিনায়ক তথা বৰ্তমান পৰামৰ্শদাতা হিচাপে থকা মহেন্দ্ৰ সিং ধোনী খেল সমাপ্ত হোৱাৰ পিছত পাকিস্তানৰ অধিনায়ক বাবৰ আজম, ছোৱেব মালিক আৰু বেগী বলাৰ শ্বাহনাৱাজ দাহানীকে ধৰি পাকিস্তানৰ খেলুৱৈসকলৰ সৈতে কথা পাতি থকা দেখা গৈছিল।

বৰ্তমান পাকিস্তান টি-২০ দলৰ সৈতে বেটিং পৰামৰ্শদাতা হিচাপে কাম কৰি থকা হেডেনে এটা ভিডিঅ’ বাৰ্তাত কয়, “ভাৰত-পাকিস্তানৰ খেলুৱৈ সকলৰ প্ৰদৰ্শনৰ পৰা মোক আটাইতকৈ বেছি অনুপ্ৰাণিত কৰা বস্তুটো আছিল চমৎকাৰ ক্ৰীড়া ভাতৃত্ববোধ।”

২০০৮ চনৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা ভাৰতে পাকিস্তানৰ সৈতে দ্বিপাক্ষিক ক্ৰিকেট সম্পৰ্ক এৰাই চলিছে। কেৱল আইচিচি ইভেণ্টতহে দেশ দুখনে প্ৰতিদ্বন্দিতা কৰিছে।

হেডেনে কয় যে পাকিস্তান আৰু ভাৰতীয় খেলুৱৈসকলে খেলখনৰ শেষত একেলগে যি আচৰণ দাঙি ধৰিলে আমি ইজনে সিজনক মানুহ হিচাপে কেনেদৰে ব্যৱহাৰ কৰা উচিত তাৰ এটা ভাল উদাহৰণ স্থাপন কৰিছিল।

“এয়াই হৈছে ক্ৰীড়াৰ ভূমিকা। সেয়েহে সেই মুহূৰ্তবোৰ চাবলৈ ধুনীয়া য’ত এম এছ ধোনীয়ে কেইজনমান পাকিস্তানী খেলুৱৈৰ সৈতে বাৰ্তালাপ কৰিছে আৰু বিৰাট কোহলী আৰু ৰিজৱানৰ মাজত সু-সম্পৰ্কৰ ছবি দেখিবলৈ পোৱা গৈছে। আমি জানোঁ, ভাতৃত্ববোধে উত্তপ্ত যুঁজ নিৰাময় কৰে।”