NORTHEAST NOW (Assamese)

ফিফা কাটাৰ বিশ্বকাপ, ২০২২ ৰ থীম চং মুকলি: ‘হায়া হায়া’- ৰাগত মোহাচ্ছন্ন হ’ব ফুটবল বিশ্ব

April 2, 2022 3:35 pm · এন ই নাও নিউজ, গুৱাহাটী

২০২০ চনৰ দক্ষিণ আফ্ৰিকা ফুটবল বিশ্বকাপৰ সমানে জনপ্ৰিয় হৈছিল এটা গান। পপ্ গায়িকা ছাকিৰাই কণ্ঠ নিগৰোৱা ‘ৱাকা ৱাকা’ নামৰ সেই ফিফা বিশ্বকাপৰ থীম চংটিয়ে বিশ্বজুৰি অপাৰ জনপ্ৰিয়তা লাভ কৰিছিল।

চলিত বৰ্ষৰ শেষৰফালে কাটাৰত অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপৰ থীম চংটি শুকুৰবাৰে মুকলি কৰা হয়। ফিফাই নিজৰ চ’চিয়েল মিডিয়া হেণ্ডল যোগে এই গানটি প্ৰচাৰ কৰিছে।

‘হায়া হায়া’ নামৰ এই গীতটোত কণ্ঠদান কৰিছে নাইজেৰিয়াৰ জনপ্ৰিয় গায়ক ডেভিদ এডিলেকে (ডেভিদো)ৰ লগতে আমেৰিকাৰ তাৰকা ত্ৰিনিদাদ কাৰ্ডোনা আৰু কাটাৰৰ তাৰকা গায়িকা আইশাই।

আমেৰিকা, আফ্ৰিকা আৰু আৰৱৰ এই সংগীত তাৰকাসকলক একত্ৰিত কৰি ফিফাই এক বিশেষ বাৰ্তা প্ৰেৰণ কৰিবলৈ চেষ্টা কৰিছে বুলি প্ৰকাশ কৰিছে।

ফিফাৰ মুখ্য বাণিজ্যিক বিষয়া কে মাদাতীয়ে কয় যে ফুটবল আৰু সংগীতে বিশ্বক একত্ৰিত কৰিব পাৰে। ‘হায়া হায়া’ৰ অৰ্থ হৈছে ‘বেটাৰ টুগেদাৰ’। গানটিৰ যোগেদি বৈচিত্ৰৰ মাজত একতা নীতিক প্ৰতিনিধিত্ব কৰিব বিচৰা হৈছে।

আনহাতে শুকুৰবাৰে নিশা লটাৰীযোগে ফিফা বিশ্বকাপৰ অফিচিয়েল ড্ৰ ঘোষণা কৰা হয়। মুঠ ৩২ খন দেশে ভাগ ল’বলগীয়া প্ৰতিযোগিতাখনত এটা গ্ৰুপত ৪ খনকৈ মুঠ ৮ টা গ্ৰুপ থাকিব।

ড্ৰ অনুসৰি গ্রুপ-‘এ’ত আছে কাটাৰ, ইকুৱেডৰ, নেদাৰলেণ্ড, ছেনেগাল। গ্রুপ-‘বি’ ৰ দলসমূহ হৈছে ইংলেণ্ড, ইৰান, আমেৰিকা আৰু স্কটলেণ্ড/ওৱেলস/ইউক্রেইনৰ মাজৰ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হোৱা দল।

গ্রুপ-‘চি’ত আছে আর্জেন্টিনা, চৌদি আৰব, মেক্সিকো, পোলেণ্ড। গ্রুপ-ডি: ফ্রান্স, ডেনমার্ক, টিউনিছিয়া, আমিৰশ্বাহী/অষ্ট্ৰেলিয়া/পেৰুৰ মাজৰ যোগ্যতা অৰ্জনকাৰী দল। গ্রুপ-‘ই’ত থাকিব স্পেইন, কোষ্টাৰিকা/নিউজিলেণ্ড, জার্মানী, জাপান।

সেইদৰে গ্রুপ-‘এফ’ ত বেলজিয়াম, কানাডা, মৰক্কো, ক্রোৱেছিয়াই স্থান লাভ কৰিছে। গ্রুপ-‘জি’ত স্থান লাভ কৰা দেশ কেইখন হৈছে ব্রাজিল, চার্বিয়া, চুইজাৰলেণ্ড, কেমেৰুণ। আনহাতে গ্রুপ-‘এইচ’ত আছে পর্তুগাল, ঘানা, উৰুগুৱে, দক্ষিণ কোৰিয়া।

 

উল্লেখ্য যে যোৱা ৩০ মাৰ্চত বিশ্বকাপৰ বলটো মুকলি কৰা হৈছিল। কাটাৰ বিশ্বকাপৰ অফিচিয়েল মেচ বলটোক আল ৰিল্লা নাম দিয়া হৈছে। আৰবী শব্দ আল ৰিল্লাৰ অৰ্থ হৈছে ‘ভ্ৰমণ’।

ইবন বটুটাৰ ভ্ৰমণ কাহিনীৰ দ্বাৰা অনুপ্ৰাণিত হৈ বলটোৰ নাম আল-ৰিল্লা ৰখা হৈছে। বলৰ ডিজাইনৰ পৰা ৰঙলৈকে কাটাৰৰ সংস্কৃতিৰ ওপৰত আলোকপাত কৰা হৈছে। বিশ্বৰ শীৰ্ষস্থানীয় ক্ৰীড়া সামগ্ৰী নিৰ্মাতা এডিডাছে ফিফা বিশ্বকাপৰ এই অফিচিয়েল বলটো নিৰ্মাণ কৰিছে।

 

Related News