NORTHEAST NOW (Assamese)
অসম

১১ টা স্থানীয় ভাষাক বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভূক্ত কৰাৰ নিৰ্দেশ ছিকিম চৰকাৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 29, 2021 4:09 pm

ছিকিম চৰকাৰে ৰাজ্যখনৰ সকলো বিদ্যালয়ক পাঠ্যক্ৰমত ১১ টা স্থানীয় ভাষাক অন্তৰ্ভূক্ত কৰাৰ বাবে নিৰ্দেশ দিছে।

ভূটীয়া, নেপালী, লেপচা আৰু লিম্বুকে ধৰি অন্য সাতটা ভাষা ইয়াৰ ভিতৰত অন্তৰ্ভূক্ত হ’ব।

ৰাজ্যখনৰ শিক্ষা বিভাগে এইদৰে জানিবলৈ দিয়ে।

পৰৱৰ্তী শিক্ষা বৰ্ষৰ পৰা এই ভাষা সমূহক ৰাজ্যখনৰ বিদ্যালয়ৰ পাঠ্যক্ৰমৰ অন্তৰ্ভূক্ত কৰাৰ বাবে নিৰ্দেশ দিয়ে যাতে ছাত্ৰ সকলে ইয়াৰে যিকোনো এটা ভাষাক বিকল্প ভাষা হিচাপে অধ্যয়ন কৰিব পাৰে।

বৰ্তমান ছিকিমৰ চৰকাৰী বিদ্যালয় সমূহত ভূটীয়া, নেপালী, লেপচা আৰু লিম্বু বিকল্প ভাষা হিচাপে পঢ়োৱাই থকা হৈছে।

ছিকিম চৰকাৰে চৰকাৰী, ব্যক্তিগত সকলো খণ্ডৰ বিদ্যালয়ক পাঠ্যক্ৰমত অন্তৰ্ভূক্ত কৰিবলৈ দিয়া ভাষা সমূহ হৈছে -ভূটীয়া, নেপালী, লেপচা, লিম্বু টামাং, গুৰুং, চেৰপা, মুখিয়া, ৰাই, নেৱাৰ ইত্যাদি।

ছিকিম চৰকাৰে জনোৱা অনুসৰি ইংৰাজী ৰাজ্যখনৰ প্ৰথম ভাষা, অন্তৰ্ভূক্ত কৰিবলৈ দিয়া ১১ টা ভাষাৰ ভিতৰত এটা হ’ব দ্বিতীয় ভাষা আৰু হিন্দী হ’ব তৃতীয় ভাষা।

ৰাজ্যখনৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহকো ১১ টা স্থানীয় ভাষাক স্কুল পাঠ্যক্ৰমত অন্তৰ্ভূক্ত কৰাৰ নিৰ্দিষ্ট প্ৰমাণ ৰাজ্যখনৰ সচিৱৰ কাৰ্য্যালয়ত জমা দিবলৈ নিৰ্দেশ দিয়া হৈছে।