NORTHEAST NOW (Assamese)
অসম

বোকাখাতৰ লতাবাৰীত বাইকৰ মুখামুখি সংঘৰ্ষ; থিতাতে নিহত এজন লোক

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া September 2, 2019 8:20 pm
Bike accident Bokakhat

বোকাখাতৰ লতাবাৰীৰ সমীপৰ লতাবাৰী চাহ বাগিছা পথত সোমবাৰে সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত শশী কৰ্মকাৰ নামৰ এজন ব্যক্তিৰ মৃত্যু হয় ৷

বোকাখাতৰ সমীপৰ সাপজুৰিৰ বজাৰ পৰা পুত্ৰৰ সৈতে এ এছ ০৫ এ ৫০০১ নম্বৰৰ হিৰোহোণ্ডা মটৰ চাইকেলেৰে ঘৰলৈ উভতি আহি থকা সময়ত বিপৰীত দিশৰ পৰা আহি থকা আন এখন মটৰ চাইকেলে খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাত মটৰ চাইকেলৰ পৰা পৰি যোৱাত শশী কৰ্মকাৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

স্থানীয় লোকে কৰ্মকাৰক ততাতয়াকৈ বোকাখাত অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও চিকিৎসকে  তেওঁক মৃত ঘোষণা কৰে।

নিহত শশী কৰ্মকাৰৰ ঘৰ বোকাখাতৰ কাকচাং গাঁৱত আৰু তেওঁ উক্ত গাঁওখনৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি আছিল৷

আনহাতে, দুৰ্ঘটনাত শশী কৰ্মকাৰৰ পুত্ৰ লক্ষীৰামে কোনোধৰণৰ আঘাত পোৱা নায়৷

দুৰ্ঘটনা সংঘটিত কৰিয়ে আনখন মটৰ চাইকেলত অহা আৰোহীয়ে ঘটনা স্থলীৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে৷