NORTHEAST NOW (Assamese)
অসম

জানেনে কণীৰ বগা অংশ খালে আপুনি লাভ কৰিব এই সমূহ উপকাৰিতা?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 13, 2020 10:49 am
WhatsApp Image 2020-12-13 at 10.02.12 AM

কণী কম-বেছি পৰিমানে সকলোৰে প্ৰিয় আৰু ই প্ৰ’টিনৰ প্ৰধান উৎস। কণীৰ বগা অংশ ভিটামিন বি-ৰে সমৃদ্ধ আৰু কলেষ্টৰেল মুক্ত।

কিন্তু কণীৰ বগা অংশৰ আৰু আছে বহু উপকাৰিতা। জানি থওক সেইবোৰ-

*কণীৰ বগা অংশ কেলছিয়ামৰে ভৰপূৰ। ই হাড় শক্তিশালী তথা মজবুত কৰাত সহায় কৰে। দেহত কেলছিয়ামৰ অভাৱ হ’লে কণীৰ বগা অংশ খাওক। তদুপৰি, কণীৰ এই বগা অংশই হাড়ৰ বিভিন্ন গুৰুতৰ সমস্যা দূৰ কৰাতো সহায় কৰে।

*তেজ গোট মৰাৰ দৰে সমস্যাৰ বাবে কণীৰ বগা অংশ অত্যন্ত উপকাৰী। কণীৰ বগা অংশত প্ৰচুৰ পৰিমানে ভিটামিন আৰু খনিজ পদাৰ্থ থাকে যিয়ে ৰক্ত সঞ্চালন বৃদ্ধিত সহায় কৰে। ইয়াৰ উপৰি ইয়াত পটাছিয়াম থাকে যিয়ে হৃৎপিণ্ডৰ সমস্যাসমূহৰ পৰা দূৰত থকাত সহায় কৰে।

*উচ্চ ৰক্তচাপ থাকিলে কণীৰ বগা অংশ খাব পাৰে। কিয়নো ইয়াৰ প্ৰচুৰ পৰিমানে পটাছিয়াম থাকে যিটো ৰক্তচাপ নিয়ন্ত্ৰণ ৰখাত সহায় কৰে।

*কণীৰ বগা অংশ খালে শৰীৰত আইৰণৰ ঘাটি পূৰণ হয়। যদি কোনোবাই মূৰ ঘুৰোৱা বা ক্লান্তি অহাৰ দৰে সমস্যা থাকে তেনেহ’লে দিনে এটাকৈ কণী খাওক। মেগনাছিয়াম আৰু মেংগানিজ সমৃদ্ধ এই খাদ্যই শৰীৰক ক্লান্তিবোধৰ পৰা আঁতৰত ৰাখিব।

* শৰীৰৰ পেশীসমূহ মজবুত কৰি গঢ়ি তোলাত কণীৰ বগা অংশই বিশেষ সাহায্য কৰে। পেশীসমূহ শক্তিশালী কৰি ৰাখিবলৈ প্ৰতিদিনৰ খাদ্য তালিকাত কণীৰ বগা অংশ ৰাখক।

* কণীৰ বগা অংশই ছালৰ সংকোচন, ছালৰ তেলেতীয়া গুণ দূৰ কৰা, ব্ৰুণ প্ৰতিৰোধ আৰু মুখমণ্ডলৰ অবাঞ্চিত নোম আদি দূৰ কৰাত বহু উপকাৰী।