NORTHEAST NOW (Assamese)
অসম

ৰোগীৰ মূৰত আকৌ মাধমাৰ স্বাস্থ্য বিভাগৰ : অভাৱনীয় হাৰত বৃদ্ধি চিকিৎসা মাচুল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 12, 2025 9:30 pm

এফালে বজাৰত মূল্যবৃদ্ধিৰ জুই আনফালে চিকিৎসা সেৱাৰো মাচুল অভাৱনীয় হাৰত বৃদ্ধি ৰাজ্যৰ স্বাস্থ্য বিভাগৰ।

গুৱাহাটীস্থিত ৰাজ্যিক কৰ্কট প্রতিষ্ঠানে বৃদ্ধি কৰিছে চিকিৎসাৰ মাচুল।

ৰাজ্যিক কৰ্কট প্রতিষ্ঠানত এতিয়াৰ পৰা কোনো ৰোগীয়ে চিকিৎসা কৰিবলৈ গ’লে চিকিৎসাৰ পূৰ্বেই জমা দিব লাগিব ১০ হাজাৰ টকা। ৰোগীক ভৰ্তি কৰাবলগা হ’লে ভৰ্তি কৰাৰ পূৰ্বেই দিব লাগিব এই ধনৰাশি।

ঠিক তেনেদৰে ৰোগীৰ নামভৰ্তিৰ মাচুলো ৩৬০ টকালৈ বৃদ্ধি কৰা হৈছে। পূৰ্বতে ৰোগীৰ পঞ্জীয়নৰ বাবে ১০০ টকাকৈ লোৱা হৈছিল।

২০০ৰ পৰা ১৫০০ টকালৈ বৃদ্ধি কৰা হৈছে জেনেৰেল বিচনাৰ মাচুল। ৩০০০ ৰ পৰা ৪০০০ লৈ বৃদ্ধি কৰা হৈছে আই চি ইউৰ মাচুল। ছিংগল কেবিনৰ মাচুল ৩০০০ৰ পৰা ৪৫০০ টকালৈ বৃদ্ধি কৰা হৈছে। শ্বেয়াৰিং কেবিনৰ মাচুল ২ হাজাৰৰ পৰা ৩ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে। লগতে পূৰ্বৰ বিনামূলীয়া কেমো বন্ধ কৰি দিছে কৰ্কট প্রতিষ্ঠানটোৱে।