NORTHEAST NOW (Assamese)
অসম

কোভিড ভেকচিন গ্ৰহণৰ ক্ষেত্ৰত নিৰ্দেশনা জাৰি স্বাস্থ্য মন্ত্ৰ্যালয়ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 15, 2021 12:19 pm
COVID19-positive-1140x570

কাইলৈৰ পৰা ভাৰতত ক’ৰ’না ভাইৰাছৰ প্ৰতিষেধক প্ৰদান আৰম্ভ হ’ব।

ক’ৰ’নাৰ প্ৰতিষেধক প্ৰদানৰ পূৰ্বে দেশৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে এই প্ৰতিষেধক গ্ৰহণৰ ক্ষেত্ৰত কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে।

স্বাস্থ্য মন্ত্ৰ্যালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি গৰ্ভৱতী মহিলা সকলক কোভিড প্ৰতিষেধক গ্ৰহণৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছে।

ইপিনে, কোভিডৰ প্ৰথমটো প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছত যিসকল ব্যক্তিৰ এলাৰ্জি জাতীয় উপসৰ্গই দেখা দিয়ে তেওঁলোকক দ্বিতীয়টো প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত কিছু পৰিমাণে সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

আনহাতে, কোভিড-১৯ প্ৰতিষেধক আৰু অন্য প্ৰতিষেধক গ্ৰহণৰ মাজত অতি কমেও ১৪ দিনৰ ব্যৱধান ৰখাৰ বাবেও স্বাস্থ্য মন্ত্ৰ্যালয়ে নিৰ্দেশনাত উল্লেখ কৰিছে।

১৬ জানুৱাৰিত ৰাতিপুৱা ১০.৩০ বজাত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে দেশত কোভিড প্ৰতিষেধক প্ৰদান কাৰ্য্যসূচীৰ আৰম্ভণি কৰিব।

ভাৰতত বৰ্তমানলৈ ভাৰত বয়োটেকৰ কোভাক্সিন আৰু চেৰাম ইষ্টিটিউটৰ কোভিশ্বিল্ডক জৰুৰীকালীন প্ৰয়োগৰ অনুমতি প্ৰদান কৰা হৈছে।