NORTHEAST NOW (Assamese)
অসম

স্বাস্থ্য মন্ত্ৰীৰ নিজ সমষ্টিতে স্বাস্থ্য বিভাগৰ ফোঁপালা স্বৰূপ উদঙালে খোদ সমষ্টিবাসীয়ে

Posted by: ৰিদীপ শৰ্মা Updated by: ৰিদীপ শৰ্মা May 20, 2021 10:26 am
keshab-fa-1

স্বাস্থ্য মন্ত্ৰীৰ কেশৱ মহন্তৰ নিজা সমষ্টিতে স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ উদঙালে সমষ্টিবাসীয়ে।

যোৱা সোমবাৰে কলিয়াবৰৰ বামুনি পথাৰৰ অম্বুৰীশ দাস নামৰ এগৰাকী কোভিড ৰোগীৰ মৃত্যু হৈছিল তেজপুৰ মেডিকেল কলেজত।

ইয়াৰ পাছতে পোহৰলৈ আহিছে  স্বাস্থ্য বিভাগৰ এক ফোঁপোলা স্বৰূপ।

মৃত কোভিড ৰোগীগৰাকীক অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ নামত ধন সংগ্ৰহৰ এক গুৰুত্বৰ অভিযোগ উত্থাপিত কৰিছে কলিয়াবৰৰ বামুনি পথাৰৰ অম্বুৰীশ দাসৰ আত্মীয় তথা স্থানীয় ৰাইজে।

আনহাতে মৃত কোভিড ৰোগীগৰাকীক অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈ তেজপুৰ মেডিকেল কলেজৰ পৰা অহা এটা দলে পিপিই কিট পিন্ধি অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ পাছত পিপিই কিটৰ কিছু অংশ যতে ততে পেলাই দি পৰিবেশ বিনষ্ট কৰাও পৰিলক্ষিত হৈছে।

মৃত অম্বুৰীশ দাস কলিয়াবৰৰ বামুনী অগপ আঞ্চলিকৰ সভাপতি আছিল।

মৃত্যুৰ সময়ত অম্বুৰীশ দাসৰ বয়স আছিল ৪৫ বছৰ।