NORTHEAST NOW (Assamese)
Popular Stories

এতিয়াও পুৰণি প্ৰেচাৰ কুকাৰত ৰন্ধা-বঢ়া কৰি আছে নেকি? চিকিৎসকে দিছে সকীয়নি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 27, 2025 6:31 am

কম সময়ৰ ভিতৰতে খাদ্য ৰান্ধিবলৈ প্ৰেচাৰ কুকাৰ একমাত্ৰ নিৰ্ভৰযোগ্য সংগী। এই পাত্ৰটো বহুদিনৰ পৰা ঘৰে ঘৰে ব্যৱহাৰ কৰি আহিছে। কিন্তু শেহতীয়াকৈ এক অধ্যয়নত এক নতুন তথ্য পোহৰলৈ আহিছে। জনা যায় যে এলুমিনিয়াম কুকাৰৰ খাদ্যত অজানিতে সীহ মিহলি হয়। তামিলনাডুৰ পাছত এইবাৰ মুম্বাইত এনে এক ঘটনা পোহৰলৈ আহিছে। বিশ বছৰ ধৰি পুৰণি মডেলৰ প্ৰেচাৰ কুকাৰত ৰন্ধা খাদ্য খাই অসুস্থ হৈ পৰিছে মুম্বাইৰ এজন ব্যক্তি। এই অধ্যয়নত প্ৰকাশ পাইছে যে পুৰণি এলুমিনিয়ামৰ প্ৰেচাৰ কুকাৰত ৰন্ধা সময়ত খাদ্যত সীহৰ দৰে বিষ অজানিতে মিহলি হয়!

বিশুদ্ধ এলুমিনিয়ামত কেতিয়াও সীহ নাথাকে। কিন্তু পুনঃব্যৱহৃত এলুমিনিয়ামত সীহ থাকিব পাৰে। ফলত ডাঙৰ প্ৰশ্নটো হল কোনটো এলুমিনিয়ামৰ পৰা প্ৰেচাৰ কুকাৰ কেনেকৈ তৈয়াৰ কৰা হয়! যদিও এলুমিনিয়াম ক্ষতিকাৰক নহয়, মিশ্ৰণৰ লগত মিহলি কৰা এলুমিনিয়াম যথেষ্ট ক্ষতিকাৰক। গতিকে সকলো কুকাৰ নিৰাপদ নহয়। নিম্নমানৰ প্ৰেচাৰ কুকাৰ দীৰ্ঘদিন ব্যৱহাৰ কৰিলে সমস্যাৰ সৃষ্টি হব পাৰে। টেঙা বা অম্লযুক্ত খাদ্য বহু সময় ৰান্ধিলেও কুকাৰত থকা ক্ষতিকাৰক ধাতুবোৰ খাদ্যৰ লগত সহজেই মিহলি হৈ যায়। আৰু এনেকৈয়ে খাদ্যত থকা সীহ শৰীৰত জমা হয়।

সীহৰ শৰীৰত ক্ষতিকাৰক প্ৰভাৱ

(১) দীৰ্ঘদিন ধৰি সীহৰ বিষক্ৰিয়াৰ ফলত মূৰৰ বিষ, স্মৃতিশক্তি হেৰুৱা, শাৰীৰিক ক্লান্তিৰ সৃষ্টি হয়।

(২) সীহে মগজুৰ বিকাশত গুৰুতৰ প্ৰভাৱ পেলায়। বিশেষকৈ শিশুৰ ক্ষেত্ৰত।

(৩) শৰীৰত সীহৰ উপস্থিতিয়ে পেটৰ বিষ আৰু কোষ্ঠকাঠিন্যৰ সৃষ্টি কৰে।

(৪) সীহৰ প্ৰভাৱত বৃক্ককে ধৰি অন্যান্য অংগসমূহো ক্ষতিগ্ৰস্ত হব পাৰে।

(৫) হাড় দুৰ্বল হৈ পৰে।

ইয়াৰ পৰা কেনেকৈ মুক্তি পাব?

(১) পুৰণি কুকাৰটো পাকঘৰৰ পৰা উলিয়াই দিব। এই ধৰণৰ কুকাৰত ৰান্ধিব নালাগে।

(২) ঘৰত বিশ্বাসযোগ্য ব্ৰেণ্ডৰ প্ৰেচাৰ কুকাৰ ৰাখক।

(৩) কুকাৰত টেঙা বা অম্লযুক্ত খাদ্য ৰান্ধি নোলোৱা ভাল। আৰু ৰান্ধিব লগা হলে বেছি সময় কুকাৰত নাৰাখিব। আন এটা পাত্ৰত ঢালি দিব।

(৪) ভাল মানৰ এলুমিনিয়াম কুকাৰ আটাইতকৈ নিৰাপদ। গতিকে কুকাৰ এটা সাৱধানে কিনি লওক।