NORTHEAST NOW (Assamese)

বিহুক গেৰুৱাকৰণ; ডিমৌত বিজেপি কৰ্মীৰ ৰোষত পৰিল সংগীত শিল্পী মানস ৰবীন

March 15, 2020 6:42 am · পাৰ্শ্বজ্যোতি গগৈ
Updated: March 15, 2020 6:47 am

বিহুক ৰাজনীতিকৰণ কৰা কাৰ্যৰ বিৰোধিতা কৰিবলৈ গৈ ডিমৌত আজি বিজেপি কৰ্মীৰ ৰোষত পৰে সংগীত শিল্পী মানস ৰবীন।

অহা ১১, ১২ আৰু ১৩ বহাগত ডিমৌ ৰাজহুৱা খেল পথাৰত ভাৰতীয় জনতা পাৰ্টিয়ে ৰঙালী বিহু সন্মিলন অনুষ্ঠিত কৰিবলৈ লোৱা কাৰ্যৰ বিৰোধিতা কৰি শিল্পী মানস ৰবীনে ডিমৌত উপস্থিত হৈ ‘ককাই অ বিহুখনক ৰাজনীতিৰ পৰা আঁতৰাই ৰাখিব’ শীৰ্ষক এখন বেনাৰ লগাবলৈ চেষ্টা কৰাৰ লগতে ডিমৌ চাৰিআলিত এখন পথ সভাৰ জৰিয়তে বক্তব্য আগবঢ়ায়।

তেনে সময়তে বিজেপিৰ যুৱ মৰ্চাৰ একাংশ কৰ্মীয়ে মানস ৰবীনৰ লগত বাক বিতণ্ডা লাগে।

বিজেপি কৰ্মীসকলে সংগীত শিল্পী গৰাকীক আগুৰি ধৰি মানস ৰবীন গ’ বেক,  মানস ৰবীন হায় হায় ধ্বনি দি শিল্পীজনক তাৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিয়ে।

পৰিস্থিতি অধিক অৱনতি ঘটাৰ পূৰ্বে আৰক্ষীয়ে বিজেপি কৰ্মীসকলৰ ৰোষৰ পৰা মানস ৰবীনক উদ্ধাৰ কৰি ডিমৌ থানালৈ লৈ যায়।

কিন্তু থানা চৌহদতো শিৱসাগৰ আৰক্ষীৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত অৰ্ধ শতাধিক বিজেপি কৰ্মীয়ে মানস ৰবীনৰ সৈতে পুনৰ তীব্ৰ বিতৰ্কত লিপ্ত হৈ পৰিস্থিতি উত্তাল কৰি তোলে।

আনহাতে মানস ৰবীনে ঘটনাৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয়, অসমীয়া বাপোতি সাহোন বিহুক গেৰুৱাকৰণ কৰিবলৈ দিব নোৱাৰি। অসমীয়া জাতীয় হৃদপিণ্ড  বিহুটোক কোনোবা ৰাজনৈতিক দলে হাত কৰি ল’ব বিচাৰিছে, সেই কাৰ্যত প্ৰতিজন স্বাভিমানী অসমীয়াই মাত মতা উচিত বুলি মন্তব্য কৰে।

অসমীয়া গামোচা, বিহুৱা-নাচনিৰ সাজ গেৰুৱা নহয় বুলি শিল্পীগৰাকীয়ে মন্তব্য কৰি শিল্পীগৰাকীয়ে যিকোনো মূল্যৰ বিনিময়ত ডিমৌত  “ককাই অ বিহুখনক ৰাজনীতিৰ পৰা আঁতৰাই ৰাখিবি” শীৰ্ষক বেনাৰখন লগোৱা হ’ব বুলি ঘোষণা কৰে।

‘দেহত শেষ বিন্দু ৰক্ত থকালৈকে বিহুক ৰাজনৈতিককৰণ কৰা কাৰ্যৰ বিৰুদ্ধে অকলেই প্ৰতিবাদ কৰি যাব’ বুলি কয় মানস ৰবীনে।

Related News