NORTHEAST NOW (Assamese)
Popular Stories

আহিছে ঘূৰ্ণীবতাহ মোচা: অসমকে ধৰি উত্তৰ-পূবৰ পাঁচখন ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 11, 2023 5:56 pm

উত্তৰ-পূবৰ পাঁচখন ৰাজ্যত ১৩ আৰু ১৪ মে’ত ধাৰাসাৰ বৰষুণৰ হোৱাৰ সম্ভাৱনা আছে। ভাৰতৰ বতৰ বিজ্ঞান বিভাগে (আই এম ডি) উত্তৰ-পূবৰ পাঁচখন ৰাজ্যৰ ওপৰত এই বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে।

বৃহস্পতিবাৰে (১১ মে’) দক্ষিণ-পূব বংগপোসাগৰৰ ওপৰেৰে গভীৰ চাপ সৃষ্টি কৰি ঘূৰ্ণীবতাহ ‘মোচা’ তীব্ৰতৰ হোৱাৰ পিছতে আইএমডিয়ে এই পূৰ্বাভাস দিছে।

১৪ মে’ত ম্যানমাৰ–বাংলাদেশ সীমান্ত অঞ্চলত ঘূৰ্ণীবতাহ মোচাই স্থলপথত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে।

উত্তৰ-পূবৰ এই তিনিখন ৰাজ্যৰ সীমা ম্যানমাৰ বা বাংলাদেশৰ সৈতে ভাগ হোৱাত মিজোৰাম, মণিপুৰ আৰু ত্ৰিপুৰাৰ বাবে আই এম ডিয়ে এক সতৰ্কবাণী জাৰি কৰিছে।

উল্লেখযোগ্য যে আই এম ডিয়ে উত্তৰ-পূবৰ তিনিখন ৰাজ্য মিজোৰাম, মণিপুৰ আৰু ত্ৰিপুৰাৰ বাবে “অৰেঞ্জ এলাৰ্ট’’ জাৰি কৰিছে।

নগালেণ্ড আৰু দক্ষিণ অসমত অৱস্থিত জিলাসমূহৰ বাবেও ধুমুহা বতাহৰ সৈতে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে।

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত সপ্তাহৰ শেষৰ ফালে অভিলেখ পৰিমানৰ ধাৰাসাৰ বৰষুণ প্ৰত্যক্ষ হ’ব।

১৩ মে’ত ত্ৰিপুৰা আৰু মিজোৰামত ধাৰাসাৰ বৰষুণ হ’ব, আৰু ১৪ মে’ত বিভিন্ন স্থানত প্ৰবল বৰষুণ হ’ব। দেওবাৰে নাগালেণ্ড, মণিপুৰ আৰু দক্ষিণ অসমত হ’ব নেৰানেপেৰা বৰষুণ।