NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

য়েমেনত প্ৰবল বৃষ্টিপাত : বাঢ়নি পানীত এতিয়ালৈকে প্ৰাণ গ’ল ৮৪ জনৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী August 31, 2024 7:15 pm

শুকুৰবাৰে হাউথী বিদ্ৰোহী সংগঠনৰ সৈতে জড়িত সংবাদ মাধ্যম ছাবাহ নিউজ এজেন্সীয়ে য়েমেনৰ বানপানীৰ সম্পৰ্কে এক প্ৰতিবেদন প্ৰকাশ কৰে।

প্ৰতিবেদন অনুসৰি প্ৰাদেশিক ৰাজধানী আল হুদাইদা চহৰৰ প্ৰৱেশদ্বাৰ বানপানীৰ পানীয়ে বুৰ গৈছে। ইয়াৰ উপৰিও প্ৰদেশখনৰ বিভিন্ন গাঁও আৰু চহৰত হাজাৰ হাজাৰ ঘৰ ডুব গৈছেআন্তঃগাঁথনি আৰু কৃষিৰ গুৰুতৰ ক্ষতিসাধন হৈছে। বহু অঞ্চলৰ পথ যোগাযোগ সম্পূৰ্ণৰূপে ধ্বংস হৈছে। আল হুদাইদাহত আগষ্টৰ আৰম্ভণিতে সৃষ্টি হোৱা বান কমাৰ কোনো লক্ষণে দেখা নাই।

মন কৰিবলগীয়া যে যোৱা জুলাই মাহৰ পৰা য়েমেনৰ বিভিন্ন অঞ্চলত ধাৰাসাৰ বৰষুণৰ বাবে হঠাৎ বানপানী আৰম্ভ হৈছে।

ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি এই বানপানীৰ বাবে যোৱা জুলাইৰ পৰা আগষ্টলৈকে প্ৰায় ২ লাখ ৫০ হাজাৰ লোক গৃহহাৰা হৈছে। এই পৰ্যন্ত ৮৪ জনৰ প্ৰাণ গৈছে।

উল্লেখ কৰি থোৱা ভাল যে ২০১৫ চনত য়েমেনত হাউথী বিদ্ৰোহীসকলৰ উত্থান ঘটিছিলযাৰ ফলত য়েমেনৰ ৰাষ্ট্ৰপতি আব্দ ৰব্বু মনছুৰ আল হাদী ছৌদিয়ে আৰবলৈ পলায়ন কৰিছিল। তেতিয়াৰ পৰাই চৰকাৰ সমৰ্থক আৰু হাউথী বিদ্ৰোহীৰ মাজত সংঘাত আৰম্ভ হয়।

প্ৰায় দহ বছৰীয়া গৃহযুদ্ধই য়েমেনৰ আন্তঃগাঁথনি আৰু স্বাস্থ্যসেৱা ব্যৱস্থা প্ৰায় ধ্বংস কৰি দেশখনত ভয়াৱহ মানৱীয় সংকটৰ সৃষ্টি কৰিছে। এনে পৰিস্থিতিত বান সমস্যা অধিক ভয়াৱহ হৈ উঠিছে।