NORTHEAST NOW (Assamese)
অসম

লখিমপুৰত জঘন্য কাণ্ড! ৬০ বছৰীয়া বৃদ্ধই ধৰ্ষণ কৰিলে ৫ বছৰীয়া নাবালিকাক

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী September 29, 2024 5:50 pm
লখিমপুৰত জঘন্য কাণ্ড! ৬০ বছৰীয়া বৃদ্ধই ধৰ্ষণ কৰিলে ৫ বছৰীয়া নাবালিকাক

 অসম আৰক্ষীয়ে শনিবাৰে উত্তৰ লখিমপুৰ জিলাত এগৰাকী পাঁচ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগত এজন ৬০ বছৰীয়া ব্যক্তিক গ্ৰেপ্তাৰ কৰে।

শুকুৰবাৰে সন্ধিয়া জিলাখনৰ হাৰমতি অঞ্চলত সংঘটিত হয় এই জঘন্য অপৰাধ।

আৰক্ষীৰ মতে, অভিযুক্তই নিজৰ দোকানত নাবালিকাগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

এই ঘটনাৰ বিষয়ে জানিব পাৰি নাবালিকা গৰাকীৰ মাতৃয়ে স্থানীয় আৰক্ষীক খবৰ দিয়ে।

তাৰপিছত ততাতৈয়াকৈ নাবালিকা গৰাকীক ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ  কৰা হয়।

এই ঘটনাৰ পিছত এতিয়া সমগ্ৰ অঞ্চলটোত উত্তেজনাই বিৰাজ কৰিছে।  স্থানীয় লোকে দোষীৰ কঠোৰ শাস্তিৰ দাবী জনাইছে।