NORTHEAST NOW (Assamese)
Popular Stories

প্ৰচণ্ড বৰষুণ আৰু ধুমুহাত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰ! আছিল ৪জন যাত্ৰী

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী August 25, 2024 8:27 am

মহাৰাষ্ট্ৰৰ বতৰ বৰ ভাল নহয়।ৰাজ্যখনত অবিৰত বৰষুণ আৰু বান পৰিস্থিতি। ইফালে বৰষুণৰ লগে লগে অব্যাহত আছে ধুমুহা। ইয়াৰ বাবেই পুনেত এটা ডাঙৰ দুৰ্ঘটনা সংঘটিত হয়। নিয়ন্ত্ৰণ হেৰুৱাই হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হয়। সেই সময়ত তাত ৪ জন মানুহ আছিল।

মুম্বাইৰ জুহুৰ পৰা হায়দৰাবাদলৈ গৈ আছিল এডব্লিউ ১৩৯ হেলিকপ্টাৰখন। কিন্তু পুনে জিলাত হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হয়। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, খহি পৰাৰ সময়ত অঞ্চলটোৰ বতৰ অত্যন্ত বেয়া আছিল। বৰষুণটো প্ৰায়েই দেখা পোৱা নাছিল, লগতে ধুমুহাও আহিছিল। ফলত হেলিকপ্টাৰখন নিয়ন্ত্ৰণ কৰিব পৰা নগ’ল। যদিও এই ঘটনাত কোনো লোকৰ মৃত্যু হোৱা নাই, তথাপিও পাইলটজন গুৰুতৰভাৱে আহত হোৱাত এতিয়া চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বাকীসকল গুৰুতৰভাৱে আহত হোৱা নাই।

দুৰ্ঘটনাগ্ৰস্ত হোৱা হেলিকপ্টাৰখন গ্ল’বেল ভেক্ট্ৰা কোম্পানীৰ বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, ধ্বংসৰ সঠিক কাৰণৰ তদন্ত কৰা হ’ব। ইয়াৰ পূৰ্বে মে’ মাহত মহাৰাষ্ট্ৰত আন এক হেলিকপ্টাৰ দুৰ্ঘটনাৰ খবৰ পোৱা গৈছিল। অৱশ্যে সেই ঘটনাত কোনো লোকৰ মৃত্যু হোৱা নাছিল।

এই বেয়া বতৰৰ বাবে পুনেকে ধৰি কেইবাটাও অঞ্চলৰ পৰা বহু লোক নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে। স্বাভাৱিক জীৱনতো ব্যাঘাত জন্মিছে। একাধিক স্থানৰ পৰা দুৰ্ঘটনাৰ খবৰ অহাত ৰাইজৰ মাজতো আতংক বৃদ্ধি পাইছে। ক’ৰবাত গাড়ী দুৰ্ঘটনা সংঘটিত হৈছে, বিদ্যুৎস্পৃষ্ট হৈ কিছু লোকৰ মৃত্যু হৈছে। ইফালে এই হেলিকপ্টাৰ দুৰ্ঘটনাৰ খবৰে অধিক আতংকৰ সৃষ্টি কৰিছে।