NORTHEAST NOW (Assamese)
অসম

ধনশিৰিমুখৰ পটভূমিত নিৰ্মিত হেম চন্দ্ৰ বৰাৰ ‘দিবাস্বপ্ন’ই মুহিলে বোকাখাতৰ দৰ্শকক

Posted by: উত্তম শইকীয়া February 17, 2019 8:50 pm

বিদেশী নাগৰিক বহিস্কাৰৰ পটভূমিত নিৰ্মিত ‘সংকল্প’ নামৰ ছবিখনেৰে সন্মান লাভ কৰিবলৈ সক্ষম হোৱা চলচ্চিত্ৰ নিৰ্মাতা হেম চন্দ্ৰ বৰাৰ নতুন অসমীয়া ছুটি ছবি ‘দিবাস্বপ্ন’ৰ বোকাখাতত আজি প্ৰথম দৰ্শনী অনুষ্ঠিত হয়।

বোকাখাতৰ ধনশিৰিমুখৰ পটভূমিত হেম চন্দ্ৰ বৰাৰ ৰচনা, চিত্ৰনাট্য আৰু পৰিচালনাৰে জলী ফিল্মচৰ বেনাৰত নিৰ্মিত ছবিখনৰ এই বিশেষ দৰ্শনী বন্তি জ্বলাই উদ্বোধন কৰে গোলাঘাটৰ নৱনিযুক্ত উপায়ুক্ত ধীৰেণ হাজৰিকাই। বোকাখাতৰ নাট্যমন্দিৰত অনুষ্ঠিত হোৱা উক্ত দৰ্শনীত বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যাম, মহকুমা আৰক্ষী বিষয়া ডাঃ কল্যান দাস, ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাকে ধৰি ভালেমান দৰ্শক ৰাইজ উপস্থিত থাকে।

বোকাখাত, কাজিৰঙা আৰু ধনশিৰিমুখৰ একাংশ ক’লাকুশলীয়ে অভিনয় কৰা এই ছবিখনৰ দৰ্শনীৰ শেষত উপস্থিত সকলো লোকেই ইয়াৰ ভূয়ষী প্ৰশংসা কৰে।

ছবিখনৰ সম্পৰ্কত উপায়ুক্ত ধীৰেণ হাজৰিকাই ‘আজিৰ চিনেমা আৰু টি ভি চিৰেয়লবোৰত কেৱল আভিজাত্যহে দেখা যায় কিন্তু দিবাস্বপ্নই খাতিখোৱা লোকৰ জীৱন সংগ্ৰামৰ এট বাস্তৱ ছবি দাঙি ধৰিছে’।