NORTHEAST NOW (Assamese)
অসম

গীনিজ বুকত আকৌ ৰেকৰ্ড অসমৰ : হেমকোষৰ ব্ৰেইল সংস্কৰণে গঢ়িলে বিশ্ব অভিলেখ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 25, 2023 2:26 pm
গীনিজ বুকত আকৌ ৰেকৰ্ড অসমৰ : হেমকোষৰ ব্ৰেইল সংস্কৰণে গঢ়িলে বিশ্ব অভিলেখ

শেহতীয়াকৈ অসমে গঢ়িব লাগিছে ইটোৰ পিছত সিটোকৈ অভিলেখ। বিহুৰ পিছত এইবাৰ গীনিজ বুকৰ পৃষ্ঠাত অন্তৰ্ভুক্ত হ’ল অসমীয়া ভাষাৰ হৃদপিণ্ডস্বৰূপ হেমকোষখন। হেমকোষৰ ব্ৰেইল সংস্কৰণে পালে গীনিজ বুকত স্থান।

উল্লেখ্য যে, দৃষ্টিহীনসকলৰ বাবে বিশেষভাবে তৈয়াৰ কৰি উলিওৱা ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ অমৰ সৃষ্টি হেমকোষ অভিধানৰ এই ব্ৰেইল সংস্কৰণ ।

বিশ্বৰ সৰ্ববৃহৎ দ্বিভাষিক ব্ৰেইল সংস্কৰণ হিচাপে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে এই সংস্কৰণটোৱে।

সোমবাৰে গীনিজ বুক কৰ্তৃপক্ষৰ পৰা সাদিনপ্ৰতিদিন গোষ্ঠীৰ সঞ্চালক ঋষি বৰুৱালৈ পঠিওৱা এক পত্ৰত এই বিশ্ব অভিলেখৰ কথা ঘোষণা কৰা হৈছে ।

পত্ৰখনত উল্লেখ কৰা হৈছে, “আপোনাক জনাবলৈ পাই ৰোমাঞ্চিত হৈছোঁ যে আপোনালোকৰ সৰ্ববৃহত ব্ৰেইল অভিধানে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে । এই অভিধানখনে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ প্ৰমাণপত্ৰ লাভ কৰাৰ বাবে যোগ্যতা অৰ্জন কৰিছে’’।

উল্লেখ্য যে, প্ৰয়াত দেৱানন্দ বৰুৱাই হেমকোষৰ চতুৰ্থৰ পৰা চতুৰ্দশ সংস্কৰণলৈ সম্পাদনা কৰিছিল । তাৰ পৰৱৰ্তী সময়ত সমাজ কল্যাণ বিভাগৰ ব্ৰেইল ছপাশালৰ কৰ্মচাৰীৰ সহযোগত হেমকোষৰ ব্ৰেইল সংস্কৰণটোৱে ছপাৰ মুখ দেখে।

যোৱা বেলি ১৬ ছেপ্টেম্বৰৰ দিনা তদানীন্তন ৰাজ্যপাল জগদীশ মুখীয়ে অভিধানখন আনুষ্ঠানিকভাৱে উন্মোচন কৰিছিল। ইয়াৰ পিছত সাদিনপ্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাই হেমকোষৰ এই ব্ৰেইল সংস্কৰণটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ হাতত অৰ্পণ কৰে ।

এতিয়া হেমকোষৰ এই বিশ্ব অভিলেখে আনন্দ কঢ়িয়াই আনিছে অসমৰ ভাষাপ্ৰেমী ৰাইজলৈ।