NORTHEAST NOW (Assamese)

মাকুমকিল্লাত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল এজনৰ, বাসগৃহ লণ্ডভণ্ড; বগাহাতীত পৰিণত বিয়াগোম বনবিভাগ

December 20, 2021 7:03 am · মানস প্রতীম গগৈ, মাৰ্ঘেৰিটা
বন্যহস্তীৰ আক্ৰমণত নিহত ৰাধা গগৈ। ফটো: নৰ্থইষ্ট নাও।

বন্যহস্তীৰ আক্ৰমণত এজন ব্যক্তিৰ মৃত্যুৰ ঘটনাই মাৰ্ঘেৰিটাত চাঞ্চল্যৰ সৃষ্টি কৰিছে। মাৰ্ঘেৰিটাত বনৰীয়া হাতীৰ উপদ্ৰপ সৃষ্টি কৰি অহাৰ সমান্তৰালকৈ হাতী মানুহৰ সংঘাত বৃদ্ধি পাইছে।

দেওবাৰে মাৰ্ঘেৰিটা মাকুমকিল্লাৰ ভিতৰপাৱৈ গাঁও পঞ্চায়তৰ ২নং ৱাৰ্ডৰ পথাৰ গাঁৱত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল ৰাধা গগৈ নামৰ এজন ব্যক্তিৰ।

পুৱা প্ৰায় ৪ মান বজাত হাবিৰ পৰা ওলাই অহা হাতীৰ এটা জাকে ৰাধা গগৈ আৰু মাঝী নামৰ দুজন ব্যক্তিৰ বাসগৃহত প্ৰৱেশ কৰি বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে কেইবাটাও বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰে।

বন্যহস্তীৰ আক্ৰমণৰ এই ঘটনাত ৰাধা গগৈ নামৰ ব্যক্তিজনৰ মৃত্যু হয়।

পৰৱৰ্তী সময়ত মাৰ্ঘেৰিটা বন বিভাগ আৰু মাৰ্ঘেৰিটা আৰক্ষী উপস্থিত হৈ ঘটনাস্থলীৰ পৰা মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।

মাকুমকিল্লাত বন্যহস্তীৰ জাকে বিধ্বস্ত কৰা ঘৰ। ফটো: নৰ্থইষ্ট নাও।

ৰাধা গগৈৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ‌ পৰিছে।

উল্লেখ্য যে মাকুমকিল্লা অঞ্চলৰ সংৰক্ষিত বনাঞ্চল কাঠ মাফিয়াৰ কবলত পৰি সম্পূৰ্ণ ধ্বংস হোৱাত খাদ্যৰ সন্ধানত অহা বন্যহস্তীয়ে মাকুমকিল্লা আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত উপদ্ৰৱ সৃষ্টি কৰি অহাৰ ফলত গ্ৰামাঞ্চলৰ লোকসকলে বিনিদ্ৰ ৰজনী কটাব লগা হৈছে।

এইক্ষেত্ৰত বগাহাতীত পৰিণত হোৱা বন বিভাগৰ বিৰুদ্ধে সাধাৰণ ৰাইজ ক্ষুব্ধ হৈ পৰা পৰিলক্ষিত হৈছে। 

Related News