NORTHEAST NOW (Assamese)
জীৱনশৈলী

নৱজাত শিশুৰ বিষয়ে কিছুমান আশ্চৰ্য্যজনক তথ্য : জানেনে আপুনি?

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 23, 2024 8:45 pm

নৱজাত শিশুৰ বিষয়ে কিছুমান নজনা কথা জানি লওঁ আহক –

১. নৱজাতকৰ জন্মৰ সময়ত প্ৰায় ৩০০ ডাল হাড় থাকে, যিবোৰ ক্ৰমান্বয়ে একেলগে মিলি প্ৰাপ্তবয়স্ক অৱস্থাত ২০৬টা হয়গৈ।

২.  আঁঠুৰ ঘিলা নথকাকৈয়ে শিশুৰ জন্ম হয়। বয়স বাঢ়ি অহাৰ লগে লগে আঁঠুৰ সৃষ্টি হয়।

৩. নৱজাত শিশুৱে একেলগে উশাহ লব পাৰে আৰু গিলিব পাৰে।

৪.  নৱজাতকে প্ৰায় ৮১২ ইঞ্চি দূৰতলৈকে দেখা পায়।

৫.  নৱজাত শিশুৱে জন্ম হৈয়েই মাকৰ মাতটো চিনি পায়।

৬. নৱজাত শিশুৱে চকুলো অবিহনেই কান্দে। জন্মৰ কেই সপ্তাহমান পিছতহে চকুলো সৃষ্টি হয়।

৭. নৱজাতকে কেঁচুৱাই প্ৰায় ৫০% টোপনিতেই কটায়। নৱজাতকে বিভিন্ন সপোন দেখে।

৮. নৱজাত শিশুৰ হৃদস্পন্দন প্ৰাপ্তবয়স্কৰ তুলনাত বেছি দ্ৰুত। নৱজাতকৰ হৃদস্পন্দন প্ৰতি মিনিটত ১২০ৰ পৰা ১৬০ বাৰ স্পন্দন হয়।

৯. প্ৰায় পাঁচ মাহ বয়সত শিশুৰ ওজন জন্মৰ সময়ৰ ওজনৰ দুগুণ হয়।