NORTHEAST NOW (Assamese)
Popular Stories

গ্ৰাহকৰ বাবে দুখবৰ; নতুন বছৰৰ পৰা হিৰ’ মটোকৰ্পৰ বাইকৰ দাম বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 17, 2020 1:05 pm
গ্ৰাহকৰ বাবে দুখবৰ; নতুন বছৰৰ পৰা হিৰ’ মটোকৰ্পৰ বাইকৰ দাম বৃদ্ধি

নতুন বছৰত বাইক তথা চাৰিচকীয়া বাহন কিনিম বুলি ভাবি থকা গ্ৰাহকসকলৰ বাবে দুখবৰ। ১ জানুৱাৰিৰ পৰা হিৰ’ মটোকৰ্পে মটৰ চাইকেলৰ দাম ১,৫০০টকা পৰ্যন্ত বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে।

কোম্পানিৰ ফালৰ পৰা কোৱা হৈছে যে কেঁচা সামগ্ৰীৰ ধাৰাবাহিক মূল্য বৃদ্ধিৰ বাবেই আমি মটৰ চাইকেলৰ দাম বৃদ্ধি কৰিবলৈ বাধ্য হৈছো।

উল্লেখ্য যে ইয়াৰ পূৰ্বে মাৰুতি, মহিন্দ্ৰাৰ দৰে কোম্পানি সমূহেও চাৰিচকীয়া আৰু অন্যান্য বাহনৰ দাম বৃদ্ধিৰ ঘোষণা কৰিছিল।

হিৰ’ মটোকৰ্পে বম্বে ষ্টক এক্সচেঞ্জক কোৱা অনুসৰি, ‘সামগ্ৰীৰ ব্যয়ৰ বৰ্ধিত প্ৰভাৱ আংশিকভাৱে কমোৱাৰ বাবে আমি ২০২১ চনৰ ১ জানুৱাৰিৰ পৰা বাইকৰ দাম বৃদ্ধি কৰিবলৈ লৈছো’।

কোম্পানিয়ে লগতে কয় যে মডেল হিচাপে বাইকৰ দাম বৃদ্ধি পাব আৰু ইয়াৰ তালিকা অতি শীঘ্ৰে ডিলাৰ সমূহলৈ প্ৰেৰণ কৰা হ’ব।

হিৰ’ৰ ফালৰ পৰা কোৱা হৈছে যে ষ্টীল, এলুমিনিয়াম, প্লাষ্টিক আৰু আন আন বহুমূল্য ধাতুৰ ধাৰাবাহিক মূল্য বৃদ্ধি হৈ থকাৰ বাবেই আমি এই সিদ্ধান্ত ল’বলগীয়া হৈছে।

উল্লেখ্য যে জুলাই-ছেপ্তেম্বৰ ত্ৰিমাসিকত হিৰ’ মটোকৰ্পৰ মুঠ ৯৫৩.৪৫ কোটি টকা লাভ হৈছে। অৰ্থাৎ মুঠ লাভ ৮.৯৯ শতাংশ বৃদ্ধি হৈছিল।

ছেপ্তেম্বৰ ত্ৰিমাসিকত কোম্পানিয়ে মুঠ ১৮.২২ লাখ বাইক বিক্ৰী কৰিছিল।