NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী ৰেইলৱে আৰক্ষীৰ জালত এগৰাকী যুৱতী : ৩০ লক্ষাধিক টকাৰ হেৰ’ইন জব্দ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া July 30, 2019 5:13 pm
Heroin seized

গুৱাহাটী ৰেইলৱে ষ্টেশ্যনত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য।

মঙলবাৰে পুৱা ৭ মান বজাত গুৱাহাটী ৰেইলৱে আৰক্ষীয়ে অভিযান চলাই এগৰাকী মহিলাসহ ১৫০ গ্ৰাম হেৰ’ইন জব্দ কৰে কৰে।

বজাৰত এই হেৰ’ইনখিনিৰ মূল্য ৩০ লাখ টকা হ’ব বুলি জানিব দিয়ে ৰেইলৱে আৰক্ষীয়ে।

হেৰ’ইনখিনি ২২ টা চাবোনৰ বাকচত ভৰাই আনিছিল।

এই নিচাযুক্ত দ্ৰব্য খিনি আৱিত্ৰী কৰ্মকাৰ নামৰ যুৱতী গৰাকীয়ে লৈ আহিছিল।

আৱিত্ৰীৰ ঘৰ পশ্চিমবংগৰ নদিয়া জিলাৰ বিৰহিত। বিৰহিৰ গোবিন্দ কৰ্মকাৰৰ জীয়ৰী আৱিত্ৰী।

এই বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্যখিনি দিল্লীলৈ নি থকা অৱস্থাতে ৰেইলৱে আৰক্ষীয়ে জব্দ কৰে।

১২৪২৩ নম্বৰ ৰাজধানী এক্সপ্ৰেছৰ ১০ নম্বৰ ডবাত ৰেইলৱে আৰক্ষীয়ে অভিযান চলাই নিচাযুক্ত দ্ৰব্য সহ মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে।

ৰেইলৱে আৰক্ষীয়ে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

উল্লেখ্য যে, সোমবাৰেও ৪৫ কেজি অবৈধ গাঞ্জাসহ ৰেইলৱে আৰক্ষীৰ জালত পৰিছিল মেঘালয়ৰ খাচী পাহাৰৰ এক ভাতৃ-ভগ্নী।