NORTHEAST NOW (Assamese)
অসম

নগাঁৱত ১০ কোটি টকাৰ হেৰ’ইন জব্দ, এজনক আটক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 23, 2019 8:08 am
drugs-570x320

নগাঁও জিলাত নিষিদ্ধঘোষিত ড্ৰাগছৰ অবাধ প্ৰচলন উদ্বেগজনকভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। নগাঁও আৰক্ষীয়ে মাজে সময়ে ড্ৰাগছ ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে অভিযান চলাই যদিও ইয়াক ৰোধ কৰাত বিশেষ সফল হ’ব পৰা নাই।

ইয়াৰ মাজতে কালি অৰ্থাৎ শনিবাৰে নগাঁও আৰক্ষীৰ এটা দলে অভিযান চলাই নগাঁও ৰে’ল ষ্টেশ্যনৰ সমীপত এক বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰাৰ লগতে এজন লোকক আটক কৰে।

আটকাধীন লোকজনক বাব্লু হাজৰিকা বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীৰ দলটোৱে নগাঁও ৰে’লৱে ষ্টেশ্যনৰ সমীপৰ টিংকু আলী নামৰ লোকজনৰ ঘৰত ৯ কিলো ওজনৰ উক্ত হেৰ’ইনখিনি জব্দ কৰিবলৈ সক্ষম হয়।

জব্দ কৰা হেৰ’ইনখিনিৰ বজাৰ মূল্য প্ৰায় ১০ কোটি টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।