NORTHEAST NOW (Assamese)

মহানগৰ আৰক্ষীৰ বৃহৎ সাফল্য: জব্দ ৯.৫ কোটিৰো অধিক মূল্যৰ ড্ৰাগছ

November 17, 2023 9:08 am · এন ই নাও নিউজ, গুৱাহাটী

ড্ৰাগছৰ বিৰুদ্ধে চলি থকা নিৰন্তৰ অভিযানৰ মাজতো ৰাজ্যত অব্যাহত আছে অসাধু চক্ৰৰ কুচকাৱাজ; ৰাজ্যৰ মাজেৰে চলাই গৈছে ড্ৰাগছৰ অবাধ সৰবৰাহ।

ড্ৰাগছৰ এনে এক বৃহৎ চালান বৃহস্পতিবাৰে জব্দ কৰিছে গুৱাহাটীত আৰক্ষীয়ে। জব্দ কৰিছে ৯.৫ কোটিৰো অধিক মূল্যৰ হেৰ’ইন।

গুৱাহাটী মহানগৰীৰ আমিনগাঁও অঞ্চলত আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছখিনি। মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ পৰা আহি থকা এখন বাহন জব্দ কৰিছিল অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে।

এই বাহনখত ৯৮টা চাবোনৰ বাকচত ভৰাই লুকুৱাই থোৱা অৱস্থাত ড্ৰাগছখিনি উদ্ধাৰ কৰা হয়। মুঠ ১ কেজি ৩৫০ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰে আৰক্ষীয়ে।

ইফালে এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি সৰবৰাহৰ সৈতে জড়িত দুজন ব্যক্তিকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

ধৃত ব্যক্তি দুজনক মণিপুৰৰ টমিজুৰ ৰহমান আৰু আব্দুল ৰহিম বুলি চিনাক্ত কৰা হৈছে।

Related News