NORTHEAST NOW (Assamese)
অসম

বেইৰুটত ইজৰাইলৰ বিমান আক্ৰমণত নিহত হিজবুল্লাহৰ শীৰ্ষ কমাণ্ডাৰ হাইথাম আলী তাবতাবাই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 24, 2025 8:14 am
বেইৰুটত ইজৰাইলৰ বিমান আক্ৰমণত নিহত হিজবুল্লাহৰ শীৰ্ষ কমাণ্ডাৰ হাইথাম আলী তাবতাবাই

লেবাননৰ ৰাজধানী বেইৰুটৰ দক্ষিণৰ উপকণ্ঠ চহৰ দাহিয়াত ইজৰাইলৰ বিমান আক্ৰমণত হিজবুল্লাৰ জ্যেষ্ঠ কমাণ্ডাৰ হাইথাম আলী তাবাতাবাইকে ধৰি পাঁচজন নিহত হয়। দেওবাৰে নিশা সংগঠনটটোৱে একাধিক বিবৃতিত এই তথ্যা নিশ্চিত কৰিছে।

হিজবুল্লাই এক বিবৃতিত কয় যে ইজৰাইলৰ আক্ৰমণত তেওঁলোকৰ জ্যেষ্ঠ কমাণ্ডাৰ হাইথাম আলী তাবাতাবাই (ছায়েইদ আবু আলী) নিহত হৈছে।

সংগঠনটোৱে তেওঁক এজন মহান জেহাদী কমাণ্ডাৰ বুলি অভিহিত কৰি প্ৰতিৰোধ আন্দোলন প্ৰতিষ্ঠা হোৱাৰ পিছৰে পৰা সংগঠনটোৰ সামৰিক সামৰ্থ্য বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বুলি কয়।

বিবৃতিটোত লগতে কোৱা হৈছে যে কমাণ্ডাৰ তাবতাবাইৰ মৃত্যুৱে ইহুদী শত্ৰু আৰু ইয়াৰ পৃষ্ঠপোষক আমেৰিকাৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত ৰখাৰ বাবে সংগঠনটোৰ দৃঢ়তাক আৰু অধিক শক্তিশালী কৰিব।

ইজৰাইলৰ আক্ৰমণৰ পিছত আমেৰিকাৰ দুই উচ্চপদস্থ বিষয়াই জনায় যে আক্ৰমণৰ পূৰ্বে ৱাশ্বিংটনক আনুষ্ঠানিকভাৱে অৱগত কৰা হোৱা নাছিল।

ইপিনে, বেইৰুটত থকা ইৰাণৰ দূতাবাসে এক বিবৃতি প্ৰকাশ কৰি কয় যে ইজৰাইলৰ কাপুৰুষোচিত আক্ৰমণে লেবাননৰ জনসাধাৰণৰ মনোবল ভাঙিব নোৱাৰে।