NORTHEAST NOW (Assamese)
অসম

স্বামী হত্যাকাৰিনী পত্নীয়েও পোৱাৰ যোগ্য স্বামীৰ চৰকাৰী পেঞ্চন, পঞ্জাৱ উচ্চ ন্যায়ালয়ৰ ৰায়কৈ লৈ চাঞ্চল্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 1, 2021 7:46 am
a judgement-web-thumb

দেশৰ কেইবাখনো আদালতে শেহতীয়াকৈ প্ৰদান কৰা কেত বোৰ ৰায়ে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

বিশেষকৈ কিছুদিন পূৰ্বে বোম্বে উচ্চন্যায়ালয়ৰ এখন খণ্ডপীঠে কাপোৰৰ ওপৰত চলোৱা যৌন নিৰ্যাতনক যৌন নিৰ্যাতন হিচাবে গণ্য কৰা নহয় বুলি দিয়া ৰায়ে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

অৱশেষত উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ কৰি এই ৰায় স্থগিত ৰখাৰ নিৰ্দেশ দিবলগীয়া হৈছিল।

এইবাৰ পঞ্জাৱ-হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ এখন খণ্ডপীঠে প্ৰদান কৰা আন এটা ৰায়ে চাঞ্চল্যৰ সৃষ্টি কৰা দেখা গৈছে।

শেহতীয়াকৈ পঞ্জাৱ-হাৰিয়ানা উচ্চ ন্যায়ালয়ে এই বুলি ৰায় দিছে যে কোনো পত্নীয়ে যদি তেওঁৰ চৰকাৰী চাকৰি কৰা পতিক হত্যা কৰে তথাপি তেওঁ স্বামীৰ পেঞ্চন পোৱাৰ যোগ্য।

পঞ্জাৱৰ আম্বালাৰ বলবীৰ কৌৰ নামৰ মহিলাগৰাকীৰ স্বামী তাৰছেম সিঙৰ মৃত্যু ঘটিছিল ২০০৮ চনত।

২০০৯ চনত পত্নী বলবীৰৰ বিৰুদ্ধে স্বমীৰ পৰিয়ালে উত্থাপন কৰে তাৰছেমক হত্যা কৰাৰ অভিযোগ।

ইয়াৰ পিছতে ২০১১ চনত স্বামীক হত্যা কৰা বুলি বলবীৰ কৌৰক দোছী সাৱস্ত্যও কৰা হয়।স্বামীৰ হত্যাত দোছী সাৱস্ত্য হোৱা বলবীৰৰ পেঞ্চন চৰকাৰে বন্ধ কৰি দিয়ে।

ইয়াৰ পিছতে অভিযুক্ত মহিলাগৰাকীয়ে আদালতৰ কাষ চাপে। আদালতে বলবীৰৰ পক্ষত ৰায়দান কৰি কয় যে কোনেও সোণৰ কণী পৰা হাঁহ হত্যা নকৰে। সেয়ে বলবীৰক চৰকাৰে পেঞ্চন দিব লাগিব ।

বাকী পৰি থকা পেঞ্চনৰ ধন দুমাহৰ ভিতৰতে বলবীৰ কৌৰক আদায় দিবলৈও আদালতে নিৰ্দেশ দিয়ে।

আদালতে লগতে কয় যে পৰিয়াল পেঞ্চন এটা জনকল্যাণমূলক আঁচনি। কোনোবা পত্নী স্বামীৰ হত্যাত দোষী সাৱস্ত্য হ’লেও তেনে পত্নীয়েও স্বামীৰ পেঞ্চন পোৱাৰ যোগ্য।