NORTHEAST NOW (Assamese)
Popular Stories

‘স্বামীক হত্যা কৰিলেও পত্নীয়ে লাভ কৰিব চৰকাৰী পেন্সন’; কোন উচ্চ ন্যায়ালয়ে ক’লে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 31, 2021 6:50 pm
Punjab-and-Haryana-HC

বুম্বে উচ্চ ন্যায়ালয়ৰ পিছত এইবাৰ পঞ্জাৱ-হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ এক ৰায়দানে দেশজুৰি বিতৰ্কৰ সূচনা কৰিছে।

পঞ্জাৱ-হাৰিয়ানা উচ্চ ন্যায়ালয়ে এক ৰায়দানৰ যোগে ঘোষণা কৰিছে যে স্বামীক হত্যা কৰা অপৰাধত দোষী হোৱা পত্নীয়েও স্বামীৰ চৰকাৰী পেন্সন লাভ কৰি থাকিব।

সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি আম্বালাৰ নিৱাসী বলজিৎ কৌৰ নামৰ এগৰাকী মহিলাই পঞ্জাৱ-হাৰিয়ানা উচ্চ ন্যায়ালয়ত দাখিল কৰা এক আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে এই ৰায় প্ৰদান কৰিছে।

ঘটনাৰ বিৱৰণী অনুসৰি হাৰিয়ানা চৰকাৰৰ এগৰাকী কৰ্মচাৰী তাৰচেম সিঙৰ ২০০৮ বৰ্ষত মৃত্যু হয়।

ইয়াৰ পিছতে ২০০৯ বৰ্ষত পত্নী বলজিৎ কৌৰ বিৰুদ্ধে তাৰচেমক হত্যা কৰাৰ অভিযোগ উত্থাপন হয়। এই অভিযোগ ভিত্তিত গোচৰ ৰুজু হয় আৰু আদালত বিচাৰ প্ৰক্ৰিয়াৰ আৰম্ভ হয়।

আদালতে বলজিৎ কৌৰক স্বামীক হত্যাৰ অপৰাধত দোষী সাৱ্যস্ত কৰি কাৰাদণ্ড বিহে।

আদালতে পত্নী বলজিৎ কৌৰক দোষী সাৱস্ত্য কৰাৰ পিছতে হাৰিয়ানা চৰকাৰে স্বামীৰ চৰকাৰী পেন্সন বলজিৎ কৌৰক দিয়া বন্ধ কৰি দিয়ে।

ইয়াৰ বিৰুদ্ধে পত্নী বলজিৎ কৌৰে পঞ্জাৱ-হাৰিয়ানা উচ্চ ন্যায়ালয়ত এখন পিটিশ্যন দাখিল কৰে।

এই পিটিশ্যনৰ শুনানিৰ অন্তত ২৫ জানুৱাৰিত উচ্চ ন্যায়ালয়খনে বলজিৎ কৌৰ সপক্ষে ৰায়দান কৰি কয়, “কোনেও সোণৰ কণী পৰা হাঁহজনী হত্যা কৰিব নোৱাৰে। স্বামীক হত্যা কৰিলেও পত্নীয়ে পেন্সন লাভ কৰি থাকিব। কাৰণ ফেমেলি পেন্সন হৈছে এক জনকল্যাণমূলক প্ৰকল্প। কোনো চৰকাৰী কৰ্মচাৰী মৃত্যুৰ পিছত তেওঁৰ পত্নীক আৰ্থিক সাহায্য প্ৰদান  কৰাই এই আঁচনিৰ মূল উদ্দেশ্য। সেয়ে কোনো গোচৰত দোষী হ’লেও স্বামীৰ পেন্সন লাভ পত্নীয়ে লাভ কৰি থাকিব।”

এইদৰে ৰায়দান কৰি পঞ্জাৱ-হাৰিয়ানা উচ্চ ন্যায়ালয়ে হাৰিয়ানা চৰকাৰক আগন্তুক দুমাহৰ ভিতৰত বলজিৎ কৌৰক পুনৰ পেন্সন প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে।