NORTHEAST NOW (Assamese)
অসম

মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহাৰ আমচৈ চাহ বাগিচাত তীব্ৰ উত্তেজনা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 1, 2019 4:46 pm
মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহাৰ আমচৈ চাহ বাগিচাত তীব্ৰ উত্তেজনা

এগৰাকী মহিলা শ্ৰমিকৰ মৃত্যুক কেন্দ্ৰ কৰি আজি শতাধিক পুৰুষ-মহিলা শ্ৰমিকে ৰহাৰ আমচৈ চাহ বাগিচাত উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।

জানিব পৰা মতে বৃহস্পতিবাৰে অৰ্থাৎ ৩১ অক্টোবৰৰ নিশা বাগিচাখনৰ ৰেৱতী নায়ক নামৰ এগৰাকী মহিলা গুৰুতৰভাৱে অসুস্থ হৈ পৰে।

ফলত ৰোগীৰ পৰিয়ালৰ লোকে বাগিচাখনৰ এম্বুলেঞ্চখন বিচাৰে যদিও বাগিচাৰ মালিক পক্ষই এম্বুলেঞ্চখন দিবলৈ অমান্তি হয়।

পিছত পৰিয়ালৰ লোকে মহিলাগৰাকীক ১০৮ ৰে মৰিগাঁৱলৈ নিয়ে যদিও চিকিৎসকে ৰেৱতীক গুৱাহাটীলৈ প্ৰেৰণ কৰে। কিন্তু দুৰ্ভাগ্যবশত মহিলাগৰাকীয়ে গুৱাহাটীৰ চিকিৎসালয় পোৱাৰ পূৰ্বেই মৃত্যুক সাবটি লয়।

গতিকে বাগিচাখনৰ শ্ৰমিকসকলে বাগিচাৰ মালিক পক্ষ আৰু মেনেজাৰৰ গাফিলতিৰ বাবেই ৰেৱতীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰি আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

বাগিচাখনৰ শতাধিক শ্ৰমিকে আজি কাম-কাজ বন্ধ কৰি বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে আৰু ন্যায় নোপোৱালৈকে অনিৰ্দিষ্ট কাললৈ বাগিচাৰ কাম কাজ বন্ধ কৰি দিয়াৰ হুংকাৰ দিয়ে।

শ্ৰমিকসকলে উত্থাপন কৰা অভিযোগ অনুসৰি বাগানত কোনো চিকিৎসাৰ ব্যৱস্থা নাই। চিকিৎসালয় আছে যদিও চিকিৎসক নথকাত শ্ৰমিকসকলৰ জীৱনৰ নিৰাপত্তা নাইকীয়া হৈছে।

পিছত প্ৰতিবাদস্থলীত ৰহা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া উপস্থিত হৈ ঘটনাৰ উচিত তদন্ত কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়াতহে পৰিৱেশ শান্ত হয়।