NORTHEAST NOW (Assamese)
অসম

চামগুৰিৰ ভূৰবন্ধাত বান সাহায্য বিতৰণত খেলিমেলিৰ অভিযোগ তুলি পৰিবেশ উত্তপ্ত কৰিলে বন্যাক্ৰান্তই

Posted by: ভাৰ্গব হাজৰিকা Updated by: ভাৰ্গব হাজৰিকা July 19, 2019 8:27 pm
VideoCapture_20190719-195824

নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত লাওখোৱাৰ ভূৰবন্ধা, ভগামুখ আৰু শোণিতপুৰ জিলাৰ অন্তৰ্গত বুঢ়াচাপৰিত বান পৰিস্থিতি কিছু পৰিমাণে উন্নত হৈছে যদিও বৰ্তমানেও বানাক্ৰান্ত ৰাইজসকল নিজৰ ঘৰলৈ উভতি যাব পৰা নাই৷

এতিয়াও বানাক্ৰান্ত ৰাইজসকল আশ্ৰয় শিবিৰতে আশ্ৰায়গ্ৰহণ কৰি থাকিবলগীয়া হৈছে। আজি দুপৰীয়া ভূৰবন্ধা গাঁও পঞ্চায়তত বান আক্ৰান্ত ৰাইজৰ মাজত চৰকাৰী বান সাহায্য সামগ্ৰী বিতৰণৰ সময়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

ভূৰবন্ধা পঞ্চায়তৰ একাংশ আশ্ৰয় শিৱিৰত থকা বন্যাৰ্তই বান সাহায্য সামগ্ৰী বিতৰণক কেন্দ্ৰ কৰি ব্যাপক খেলিমেলিৰ সৃষ্টি হোৱা বুলি অভিযোগ উত্থাপন কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে।

বান বিধ্বস্ত ৰাইজে জনৈক লক্ষ্মণ নামৰ এজন গাঁওবুঢ়াৰ বিৰুদ্ধে চূড়ান্ত ক্ষোভ প্ৰকাশ কৰি বান সাহায্য বিতৰণত বেমেজালি কৰা বুলি উল্লেখ কৰে।

উক্ত গাঁওবুঢ়াজনে পক্ষপাতিত্বমূলক স্থিতি গ্ৰহণ কৰি নীতি বহিৰ্ভূতভাৱে চৰকাৰী বান সাহায্য সামগ্ৰী বিতৰণ কৰাৰ অভিযোগ তোলে স্থানীয় একাংশ সাহায্য বঞ্চিত বানাক্ৰান্ত ৰাইজে।

তাৰপাছতে, ভূৰবন্ধা অঞ্চলৰ একাংশ ক্ষুব্ধ বন্যাৰ্তই সাহায্য সামগ্ৰী বিতৰণৰ প্ৰক্ৰিয়া বন্ধ কৰি দিয়ে।

উল্লেখযোগ্য যে, বানাক্ৰান্ত ৰাইজৰ দুৰ্যোগৰ সময়ত গাঁওবুঢ়াজনৰ ওপৰত ৰাইজে কৰা অভিযোগ যদি সঁচা হয় তেন্তে এইজন গাঁওবুঢ়াৰ ওপৰত প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যনীয় হ’ব।