NORTHEAST NOW (Assamese)
Popular Stories

অনলাইনযোগে হ’ব চলিত বৰ্ষৰ একাদশ শ্ৰেণীৰ নামভৰ্তি

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা June 11, 2020 2:59 pm

চলিত বর্ষত সম্পূৰ্ণ অনলাইন যোগে হ’ব উচ্চতৰ মাধ্যমিকৰ নামভৰ্তিৰ প্ৰক্ৰিয়া। আজি ৰাজ্যৰ শিক্ষা বিভাগে এক জাননী জাৰি কৰি এই কথা সদৰী কৰিছে।

চলিত বর্ষৰ একাদশ শ্রেণীৰ নামভৰ্তিৰ বাবে ছেবা ৱেবছাইটত উপলব্ধ হ’ব এটা বিশেষ পৰ্টেল।

‍‘অন্বেষণ’ নামৰ এই পৰ্টেলৰ জৰিয়তে মেট্ৰিক উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলে নামভৰ্তি কৰিব লাগিব একাদশ শ্রেণীত।

নামভৰ্তি প্ৰ-পত্ৰ জমা কৰাৰ পাছত প্ৰতিখন উচ্চতৰ মাধ্যমিক বিদ্যালয়, মহাবিদ্যালয়ৰ প্ৰধান শিক্ষকে নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীৰ তালিকা প্ৰকাশ কৰিব।

উল্লেখযোগ্য যে, অহা ২০ জুনৰ পৰা নামভৰ্তিৰ বাবে আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি জাননীত প্ৰকাশ কৰিছে।

আৱেদনৰ প্ৰক্ৰিয়া সামৰণি পৰিব ৩০ জুনত। সেই অনুসৰি পহিলা জুলাইত প্ৰকাশ পাব নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি তালিকা। এই কথা জনাইছে শিক্ষা বিভাগে৷

শিক্ষা বিভাগে প্ৰকাশ কৰা জাননী

ইফালে, ১৫ জুনৰ পৰা এই পৰ্টেলটো উপলব্ধ হ’ব বুলিও জনায়।

চৰকাৰী আৰু বেচৰকাৰী সকলো খণ্ডৰ শিক্ষানুষ্ঠানৰ বাবে প্ৰযোজ্য হ’ব বিশেষ পৰ্টেলটো।