NORTHEAST NOW (Assamese)
অসম

কৰ্ণাটকৰ পৰা কাশ্মীৰ পালেগৈ হিজাব বিতৰ্ক

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী February 11, 2022 9:36 pm
কৰ্ণাটকৰ পৰা কাশ্মীৰ পালেগৈ হিজাব বিতৰ্ক

উচ্চতম ন্যায়ালয়ে আজি হিজাব বিতৰ্কক ৰাষ্ট্ৰীয় আলোচনাৰ বিষয় নকৰিবলৈ আহ্বান জনোৱাৰ সময়তে স্পৰ্শকাতৰ বিষয়টোকলৈ কাশ্মীৰতো উত্তেজনাৰ সৃষ্টি হ’ল।

আজি কাশ্মীৰৰ শ্বপিয়ানত অকাংশ লোকে হিজাবৰ সমৰ্থনত প্ৰতিবাদী সমদল উলিয়ায়। প্ৰতিবাকাৰীসকলে বিভিন্ন ধৰণৰ শ্ল’গান দিয়ে। সমদলত ছাত্ক-ছাত্ৰীয়েও ভাগ লয়।

আনৰ ব্যক্তিগত আৰু ধৰ্মীয় বিষয়ত হস্তক্ষেপ কৰাৰ অধিকাৰ কাৰো নাই বুলি প্ৰতিবাদকাৰীসকলে মন্তব্য কৰে।

হিজাব পিন্ধা নিষিদ্ধ কৰিলে কাশ্মীৰত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি প্ৰতিবাদকাৰী সকলে সকিয়াই দিয়ে।