NORTHEAST NOW (Assamese)

চেম্পিয়ন ৰিটাৰ্ণছ! পুনৰ স্বৰ্ণৰে উজলিল হিমা দাস; অসম সন্তান অম্লান বৰগোহাঁইৰো স্বৰ্ণ জয়

June 12, 2022 7:45 am · এন ই নাও নিউজ, গুৱাহাটী

চেন্নাইত অনুষ্ঠিত ৬১ তম ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক এথলেটিকছ চেম্পিয়নশ্বিপত ১০০মিটাৰ মহিলাৰ দৌৰত ১১.৪৩ ছেকেণ্ডেৰ সোণৰ পদক জয় কৰিলে হিমা দাসে।

শনিবাৰে ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপৰ দ্বিতীয় দিনা তাৰকা স্প্ৰিণ্টাৰ হিমা দাস আৰু তেওঁৰ অসম দলৰ সঙ্গী অম্লান বৰগোহাঁইয়ে চেম্পিয়নশ্বিপৰ দ্ৰুততম মহিলা আৰু পুৰুষ হোৱাৰ লগে লগে ক্ৰমান্বয়ে মহিলা আৰু পুৰুষৰ ১০০ মিটাৰ ডেছত স্বৰ্ণ জয় কৰে।

হিমাই ৰাষ্ট্ৰীয় ৰেকৰ্ডৰ অধিকাৰী দ্যুতি চান্দক ১১.৪৩ ছেকেণ্ড সময় লৈ পৰাস্ত কৰে। এই দূৰত্বত হিমাৰ এয়া ব্যক্তিগত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। উৰিষ্যাক প্ৰতিনিধিত্ব কৰা দ্যুতিয়ে ১১.৪৪ ছেকেণ্ডৰ সৈতে হিমাৰ পিছত এক ছেকেণ্ডৰ ব্যৱধানত দ্বিতীয় স্থানত ৰয় । উৰিষ্যাৰ আন এগৰাকী অভিজ্ঞ স্প্ৰিণ্টাৰ শ্ৰাবণী নন্দাই ১১.৫৩ ছেকেণ্ডৰে তৃতীয় স্থানত থাকে।

উল্লেখ্য যে দ্যুতিৰ এইক্ষেত্ৰত ১১.১৭ ছেকেণ্ডৰ ৰাষ্ট্ৰীয় অভিলেখ আছে। কমনৱেলথ গেমছৰ বাবে ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ দ্বাৰা নিৰ্ধাৰিত যোগ্যতা অৰ্জনৰ মানদণ্ড হৈছে ১১.৩১ ছেকেণ্ড।

“এইটো মোৰ সৰ্বশ্ৰেষ্ঠ মুহূৰ্ত। এইটো মোৰ কাৰণে বিশেষ কিয়নো মই দ্যুতিৰ দৰে মোৰ জ্যেষ্ঠজনৰ দ্বাৰা অনুপ্ৰাণিত হৈছো আৰু মই তেওঁৰ বিৰুদ্ধে ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছো,” হিমাই কয়।

হিমাই ৪০০ মিটাৰত ৫০.৭৯ সময়েৰে ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছে। ২০০ মিটাৰ (২০.৫২)ত ৰাষ্ট্ৰীয় অভিলেখ গঢ়া বৰগোহাঁয়ে ১০.৪৭ ছেকেণ্ড সময় লৈ ১০০ মিটাৰ ডেছ বিজয়ী হয়। তামিলনাডুৰ এলাক্কিয়াদাসন কে ১০.৪৮ ছেকেণ্ডৰ দ্বিতীয় আৰু  পঞ্জাৱৰ হৰজিৎ সিং ১০.৫৫ ছেকেণ্ডেৰে তৃতীয় স্থানত থাকে।

Related News