NORTHEAST NOW (Assamese)
অসম

কমনৱেলথ গেমছৰ ৪x৪০০ মিটাৰ ৰীলেৰ দলীয় শাখাত অসমৰ হিমা দাসৰ সাফল্য

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী August 6, 2022 8:52 pm

২০০ মিটাৰৰ ইভেণ্টত ফাইনেললৈ যোগ্যতা অৰ্জনত ব্যৰ্থ হোৱা  অসম কন্যা হিমা দাস আজি পিছে উজলি উঠে।কমনৱেলথ গেমছৰ ৪x৪০০ মিটাৰ ৰীলেৰ দলীয় শাখাত উজলিল হিমা দাস।

হিমাৰ লগতে ভাৰতীয় দলটোৱে দ্বিতীয় স্থান লাভ কৰি ফাইনেলত প্ৰৱেশ কৰে৷ প্ৰথম স্থানত থাকে জামাইকা৷ আজিৰ দিনটোত ভাৰতে বিভিন্ন শাখাত ৭ টা পদক জয় কৰে৷ একেদৰে আজি কমনৱেলথ গেমছ-২০২২ৰ ১০,০০০ মিটাৰ ৱাক ইভেণ্টত ভাৰতৰ প্ৰিয়ংকা গোস্বামীয়ে ৰূপৰ পদক অৰ্জন কৰে।

ইপিনে ভাৰতীয় মল্লযোদ্ধাসকলে প্ৰতিযোগিতাৰ অষ্টম দিনটোত অৰ্জন কৰা ৬টা পদকৰ ভিতৰত তিনিটা সোণৰ পদক, এটা ৰূপৰ পদক আৰু দুটা ব্ৰঞ্জৰ পদক।

মল্লযোদ্ধা অংশু মালিকে ৰূপৰ পদক অৰ্জন কৰে৷ বজৰংগ পুনিয়া, দীপক পুনিয়া আৰু সাক্ষী মালিকে তিনিটাকৈ সোণৰ পদক অৰ্জন কৰে৷