NORTHEAST NOW (Assamese)
অসম

অসমীয়াই পাহৰিলে! পঁইতা ভাত খাই শক্তি গোটাইছে ধিং এক্সপ্ৰেছ হিমা দাসে

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 5, 2020 8:36 pm
Hima FB Post

আধুনিক অসমীয়াৰ বাবে প্ৰায় পাহৰণিৰ গৰ্ভত পঁইতা ভাত। অৱশ্যে এতিয়াও পঁইতা ভাতৰ জুতি কিছুসংখ্যকে লৈ অহা পৰিলক্ষিত হয়।

অসমীয়াত এটা উক্তি আছে যে ‘মাঘৰ পান্তা বাঘৰ বল।‘ অৰ্থ্যাৎ মাঘ বিহুৰ পুৱা পঁইতা ভাতে শৰীৰত বল বৃদ্ধি কৰে বুলি জনবিশ্বাস আছে।

পঁইতা ভাতৰ বহুকেইটা উপকাৰিতা আছে। ই গোটেই দিনটো শৰীৰত শক্তি ধৰি ৰখাতো ইয়াক সহায়ক হয়। এই ভাতত বহু মাইক্ৰ’-নিউট্ৰিয়েণ্ট আৰু বহু প্ৰয়োজনীয় মিনাৰেলো পোৱা যায়।পঁইতা ভাতে শৰীৰৰ উষ্ণতা কম কৰি ৰখাত সহায় কৰে, কাৰণ এই ভাত শীতল থাকে।

যি উপকাৰিতাই ক্ৰীড়া জগতৰ সৈতে জৰিতসকলৰো কামত আহে। সেই কথাই উপলব্ধি কৰিছে ধিং এক্সপ্ৰেছ এথলেটিকছ হিমা দাসে।

Comment Hima

 

সেয়েহে কালি পুৱা পঁইতা ভাতৰ জুতি ল’লে হিমাই। হাৰিয়ানাৰ ভাৰতীয় প্ৰশিক্ষণ কেন্দ্ৰত পঁইতা ভাতৰ সোৱাদ লোৱাৰ কথা ফেইচবুকযোগে উল্লেখ কৰিলে হিমাই।

Comment Hima 123

ফেইচবুকত লিখি হিমাই কয়, ‘বহুত খাদ্যৰ জুতি ললোঁ কিন্তু পঁইতা ভাতৰ দৰে জুতি ক’তো নাপালোঁ। ভাৰতীয় প্ৰশিক্ষণ কেন্দ্ৰত আজি তৃপ্তিৰে এসাজ পঁইতা ভাতৰ জুতি ললোঁ পুৱাতে। সঁচাকৈয়ে বৰ সোৱাদ। ই আমাৰ শৰীৰৰ বাবেও বহু উপযোগী।‘

 

উক্ত পোষ্টটোতে হিমাই আলু ভাজিৰ লগত পঁইতা ভাত খাবলৈ বৰ সোৱাদযুক্ত বুলিও উল্লেখ কৰি লগতে কয়, ‘খৰিচা ভোট জলকীয়া আৰু পুৰা গৰৈ মাছৰ পিটিকা হ’লে বেছি ভাল।‘

হিমাই কৰা এই পোষ্টটোৰ পাছতে তেওঁৰ অসমৰ বহু ফ’ল’ৱাৰে বিভিন্নধৰণৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে।