NORTHEAST NOW (Assamese)

আঘাতপ্ৰাপ্ত অসম কন্যা: হিমাৰ ঠাইত অলিম্পিকত খেলিব পাৰে কৰ্ণাটকৰ ধনেশ্বৰীয়ে

June 27, 2021 11:21 pm · এন ই নাও নিউজ

অসম কন্যা হিমা দাসে অলিম্পিকত খেলি দেশৰ বাবে পুনৰ গৌৰৱ কঢ়িয়াই আনিব, সেই আশাই কৰিছিল সকলোৱে।

কিন্তু নিয়তিয়ে যেন সেয়া হ’বলৈ নিদিব।

পাটিয়ালাত আন্তঃৰাজ্যিক চেম্পিয়নশ্বিপত খেলি থাকোতেই হিমা দাস বেয়াকৈ আঘাতপ্ৰাপ্ত হয়।

সেয়ে অলিম্পিকত হিমাই ভাগ লোৱাৰ আশা তেনেই ক্ষীণ হৈ পৰিছে। এনে পৰিস্থিতিত হিমাৰ ঠাইত অলিম্পিকত  খেলিব পাৰে কৰ্ণাটকৰ খেলুৱৈ এটি ধনেশ্বৰীয়ে।

এথলেটিক ফেডাৰেছন অব ইণ্ডিয়াৰ এক সূত্ৰই এই ইংগিত দিছে।

উল্লেখ্য শনিবাৰে পাটিয়ালাত আন্তঃৰাজ্যিক চেম্পিয়নশ্বিপত ১০০ মিটাৰৰ দৌৰ দৌৰি থকাৰ সময়তে হিমা আঘাতপ্ৰাপ্ত হৈছিল।

সুস্থ হৈ উঠিবলৈ তেওঁৰ হাতত আছে মাত্ৰ ৪৮ ঘণ্টা।

এই সময়ছোৱাৰ ভিতৰত হিমা সুস্থ হৈ নুঠিলে ধিং এক্সপ্ৰেছে অলিম্পিকত খেলিব নোৱাৰিব।

Related News