NORTHEAST NOW (Assamese)

অখিলৰ পিছতে মন্ত্ৰী হিমন্ত এইবাৰ আদালতলৈ যাব স্বৰাজ অসমৰ ভৱেন সন্দিকৈৰ বিৰুদ্ধে

November 4, 2018 10:33 pm · এন ই নাও নিউজ

দুৰ্নীতিৰ তথ্য-প্ৰমাণ দাঙি ধৰা অখিল গগৈৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হোৱাৰ পিছতে ৰাজ্যখনৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্বই এইবাৰ স্বৰাজ অসমৰ ভৱেন সন্দিকৈৰ বিৰুদ্ধেও আদালতলৈ যোৱাৰ হুংকাৰ দিলে।

আজি মন্ত্ৰীজনৰ এটা বিশ্বস্ত সূত্ৰই কয় যে ধাৰাবাহিকভাৱে অসত্য আৰু মানহানিকৰ বাতৰি প্ৰচাৰ কৰি থকা বাবে মন্ত্ৰীজনে অহা চাৰি দিনৰ ভিতৰত ভৱেন সন্দিকৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ দিব।

উল্লেখযোগ্য যে লুই বাৰ্জাৰ কেলেংকাৰিৰ গোচৰৰ তদন্তৰ বাবে ভৱেন সন্দিকৈয়ে দীৰ্ঘদিনীয়া যুঁজ অব্যাহত ৰাখিছে। কেলেংকাৰিটোৰ তদন্ত বৰ্তমান চি বি আয়ে গ্ৰহণ কৰি প্ৰক্ৰিয়া আগ বঢ়াই নিছে। মন কৰিব লগীয়া কথাটো হ’ল কেলেংকাৰিটোৰ এজন অন্যতম অভিযুক্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

আনহাতে আজি ভৱেন সন্দিকৈয়ে মন্ত্ৰী হিমন্তক যোৱা ১ আৰু ২ নৱেম্বৰত দিল্লীত চি বি আয়ে জেৰা কৰা বুলি সংবাদ মাধ্যমক জানিবলৈ দিছিল।

ইয়াৰ পিছতে মন্ত্ৰীজনে সন্দিকৈৰ বিৰুদ্ধে গোচৰ চলোৱা হ’ব বুলি এই হুংকাৰ দিয়ে।

ইফালে ভৱেন সন্দিকৈয়ে মন্ত্ৰীজনৰ তেওঁৰ বিৰুদ্ধে গোচৰ চলোৱাৰ সিদ্ধান্তক আদৰণি জনায়। “কোনো কথা নাই, দিয়ক মোৰ বিৰুদ্ধে গোচৰ।  প্ৰত্যাহ্বান দিছে যিহেতু তেওঁ, গতিকে গ্ৰহণ কৰিবই লাগিব।” এইদৰে কয় ভৱেন সন্দিকৈয়ে।

Related News