NORTHEAST NOW (Assamese)

ৰাজ্যত শীঘ্ৰেই ৪০০০-৫০০০ ক’ৰ’না আক্ৰান্ত ব্যক্তিক একেলগে চিকিৎসা প্ৰদান কৰিব পৰাৰ ব্যৱস্থা হ’ব : হিমন্ত বিশ্ব শৰ্মা

March 27, 2020 3:37 pm · দীপজ্যোতি শৰ্মা
হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। ফটো: নৰ্থইষ্ট নাও

‘‘অহাকালিৰ পৰা সাধাৰণ ৰোগী সকলৰ বাবে বন্ধ হৈ পৰিব গুৱাহাটী চিকিৎসা মহাবিদ্যালয়,’’ আজি সংবাদমেলত এই কথা সদৰী কৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

অৱশ্যে চিকিৎসা মহাবিদ্যালয়খন সাধাৰণ ৰোগীৰ বাবে বন্ধ হৈ গ’লেও কেন্সাৰ ৰোগী, জৰুৰীকালীন সেৱা আৰু প্ৰসুতি বিভাগ খোলা থাকিব বুলি জনাই মন্ত্ৰী শৰ্মাই।

এনেদৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়খনক সম্পূৰ্ণ কোভিদ-১৯ চিকিৎসালয়লৈ উন্নীত কৰা হ’ব বুলি তেওঁ কয়।

আনহাতে, স্বাস্থ্য মন্ত্ৰী শৰ্মাই গুৱাহাটী মহানগৰীৰ ৩৫ খন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ সৈতে ৰাজ্য চৰকাৰে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হৈছে বুলি উল্লেখ কৰি ৰাজ্যৰ সাধাৰণ ৰোগী সকলে সেই চিকিৎসালয় সমূহত চিকিৎসা গ্ৰহণ কৰিব পাৰিব বুলি মন্তব্য কৰে।

চৰকাৰে সাধাৰণ ৰোগী সকলৰ চিকিৎসাৰ বাবে ব্যয় হোৱা ধন সেই ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সমূহক বহন কৰিব বুলিও মন্ত্ৰী শৰ্মাই লগতে কয়।

তদুপৰি, পৰৱৰ্তী সময়ত ডিব্ৰুগড় আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয়কো সম্পূৰ্ণ কোভিদ-১৯ চিকিৎসালয়লৈ উন্নীত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰি ইয়াৰ ফলত ৰাজ্যত কোভিদ-১৯-ত আক্ৰান্ত হোৱা ব্যক্তিৰ চিকিৎসাৰ বাবে প্ৰায় ৪০০০-৫০০০ বিছনাৰ ব্যৱস্থা অতি সোনকালে হ’ব বুলিও শৰ্মাই কয়।

Related News