ডুবাই, ছিংগাপুৰত ধন বিনিয়োগ কৰিছে হিমন্ত বিশ্ব শৰ্মাই : অভিযোগ কংগ্ৰেছ নেতা মনোজ চৌহানৰ

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিদেশলৈ গৈ অসমৰ বাবে বিনিয়োগকাৰী নিমন্ত্ৰণ কৰিছে যদিও মুখ্যমন্ত্ৰীজনে নিজে কিন্তু বিদেশী ৰাষ্ট্ৰত ধন বিনিয়োগ কৰি ব্যৱসায় কৰি আহিছে। ডুবাই আৰু ছিংগাপুৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্বপিং মল আৰু ৰেষ্টুৰেণ্টৰ ব্যৱসায়ত বিনিয়োগ কৰা বুলি আজি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে নিখিল ভাৰত কংগ্ৰেছৰ অসমৰ দায়িত্বত থকা সম্পাদক মনোজ চৌহানে।
আজি গুৱাহাটীত মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰাৰ পিছত সাংবাদিকৰে হোৱা মুখামুখিত কংগ্ৰেছ নেতা চৌহানে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়লা, বালি, শিল, চুপাৰি সকলোতে ছিণ্ডিকেট লগাই ৪০ শতাংশ ধন নিজে সংগ্ৰহ কৰি বিদেশত ব্যৱসায় অব্যাহত ৰাখিছে।
কংগ্ৰেছ নেতাজনে কয় যে তেওঁ সঘনাই সেইবাবে ডুবাই আৰু ছিংগাপুৰলৈ গৈ থাকে।
উল্লেখ্য যে, ছিংগাপুৰত অসমৰ বাবে বিনিয়োগকাৰী বিচাৰি যোৱা মুখ্যমন্ত্ৰীজনক কটাক্ষ কৰি কংগ্ৰেছ নেতা চৌহানে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে অসমত বিনিয়োগ কৰিব পাৰে যদিও তেওঁ বিদেশতহে ব্যৱসায় চলাইছে।