NORTHEAST NOW (Assamese)
অসম

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ নিষ্ঠুৰ আৰু সাধাৰণ জনগণৰ স্বাৰ্থ পৰিপন্থী: অভিযোগ চিপিআইৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 21, 2023 7:18 pm
CPI

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰখন আচলতে এখন নিষ্ঠুৰ আৰু সাধাৰণ জনগণৰ স্বাৰ্থ পৰিপন্থী চৰকাৰ হিচাপে পৰিগণিত হৈছে। এই অভিযোগ কৰিছে ভাৰতৰ কমিউনিষ্ট পাৰ্টি, চমুকৈ চিপিআই- এ।

চিপিআইৰ দাবী, বৰ্তমান ৰাজ্যত সাধাৰণ জনতাৰ ওপৰত মাধমাৰ শোধোৱা বয়-বস্তুৰ অতিপাত চৰা দাম নিয়ন্ত্ৰণ নকৰি চৰকাৰে বণিক গোষ্ঠীৰ সৈতে মিতিৰালি কৰিছে আৰু জনতাক লুটিবলৈ চৰকাৰখনে সুবিধা কৰি দিছে।

ইফালে ৰাজ্যৰ যোগান বিভাগটো এটা একেবাৰে অকমণ্য বিভাগ হিচাপে পৰিগণিত হ’ল বুলিও তীব্ৰ কটাক্ষ কৰে কমিউনিষ্ট পাৰ্টিয়ে। দলটোৰ মতে, যোগানমন্ত্ৰী হিচাপে ৰঞ্জিত দাসে কেৱল নিমখৰহে দাম নিয়ন্ত্ৰণ কৰিব পাৰোঁ বুলি কোৱাটোৱে তেখেতৰ অকমণ্যতাকে সূচায়।

ইয়াৰ উপৰিও একাংশ বিজেপিৰ নেতা-মন্ত্ৰীয়ে মূল্যবৃদ্ধিৰ সম্পর্কে কৰা উপলুঙাসূচক মন্তব্যই জনতাক অপমানিত আৰু ভেঙুচালি কৰা বুলি অভিযোগ কৰি এই কাৰ্যক কমিউনিষ্ট পাৰ্টিয়ে তীব্ৰ ধিকাৰ জনায়।

শীঘ্ৰে অসাধু ব্যৱসায়ীসকলক নাকী লগাবলৈ, চিণ্ডিকেট ৰাজ বন্ধ কৰিবলৈ, বণিকগোষ্ঠীৰ সৈতে অবৈধ লেন-দেন বন্ধ কৰিবলৈ আৰু ৰাজহুৱা বিতৰণ ব্যৱস্থা অধিক শক্তিশালী কৰি সকলো অত্যাৱশ্যকীয় সামগ্ৰী সুলভমূল্য দোকানৰ জৰিয়তে জনগণক যোগান ধৰিবলৈ দাবী জনায় দলটোৱে।

এই দাবীৰে অহা ২৮ আগষ্ট তাৰিখে কমিউনিষ্ট পাৰ্টিয়ে ৰাজ্যজুৰি এক বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ণ কৰিব বুলিও ঘোষণা কৰে।

ইফালে শেহতীয়াকৈ কেগৰ প্রতিবেদন আৰু পোহৰলৈ অহা বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰাই চলাই থকা চাকৰি আৰু সুৰাৰ বিপনীৰ অনুজ্ঞাপত্ৰ দিয়াৰ নামত লাখ লাখ টকা সংগ্ৰহৰ ঘটনাই দলৰ দুৰ্নীতিগ্ৰস্ত স্বৰূপ উদঙাই দিলে বুলিও কমিউনিষ্ট পাৰ্টিয়ে দাবী কৰে।

চিপিআই- এ কয় যে, কৃষি বিভাগত কোটি কোটি টকা সাৰ ক্ৰয়ৰ কেলেংকাৰী, মীন বিভাগ, ডি টি অ’ অফিচ, ৰাজহ বিভাগ, পঞ্চায়ত ও গ্ৰামোন্নয়ন আদি প্ৰায় সকলোতে সংঘটিত হৈ থকা দুৰ্নীতি কেলেংকাৰী ধৰা পৰিছে।

উক্ত কেলেংকাৰীসমূহৰ উচ্চ পৰ্য্যায়ৰ তদস্তৰ জৰিয়তে ৰৌ-বৰালীসমূহক গ্রেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিবলৈয়ো কমিউনিষ্ট পাৰ্টিয়ে দাবী জনায়।

আনহাতে বিৰোধী মৰ্চাৰ অংশ হিচাপে আগন্তক লোকসভা নিৰ্বাচনত তিনিটা সমষ্টি ক্ৰমে লখিমপুৰ, কাজিৰঙা আৰু যোৰহাটৰ ভিতৰত যিকোনো এটাৰ পৰা নিৰ্বাচনত প্রতিদ্বন্দ্বিত কৰিবলৈ দলটোৱে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিবলৈ দিছে।

সমান্তৰালভাৱে কমিউনিষ্ট পাৰ্টিয়ে শেহতীয়াকৈ নিৰ্বাচন আয়োগে প্রকাশ কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকাৰ বিৰোধিতা কৰে। বিজেপিয়ে নিজৰ ৰাজনৈতিক স্বাৰ্থত সাম্প্ৰদায়িক দৃষ্টিকোণেৰেএই প্ৰক্ৰিয়া সম্পন্ন কৰা বুলি চিপিআই- এ অভিযোগ কৰিছে।

ইফালে শেহতীয়াকৈ ৰাজ্যত পাম খেতিৰ বাবে অসম চৰকাৰে ব্যৱসায়ী ৰামদেৱক ভূমি আবণ্টন দিয়া সিদ্ধান্তকো পাৰ্টিয়ে বিৰোধিতা কৰে। পাম তেলৰ খেতিয়ে ৰাজ্যৰ জৈৱ-বৈচিত্ৰৰ ওপৰত বিৰূপ প্রভাৱ পেলাব বুলি দাবী কৰি এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাইছে চিপিআই- এ।