NORTHEAST NOW (Assamese)
অসম

পৰ্টেলৰ সাংবাদিকক ‘সাংবাদিক’ বুলি গণ্য নকৰে মুখ্যমন্ত্ৰীয়ে : সাংবাদিক দিলোৱাৰ হুছেইনৰ ‘বৃত্তি’ সম্পৰ্কে প্ৰশ্ন তুলিলে হিমন্ত বিশ্ব শৰ্মাই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 27, 2025 8:07 pm

বৃহস্পতিবাৰে এক সংবাদমেলত সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰৰ সন্দৰ্ভত মুখ খুলিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সংবাদমেলত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত হিমন্ত বিশ্ব শৰ্মাই কয় – দিলোৱাৰ হুছেইন মজুমদাৰে পৰ্টেলত কাম কৰে। জনসংযোগে কোনো পৰ্টেলৰ সাংবাদিকক আজিলৈকে সাংবাদিক বুলি মৰ্যাদা দিয়া নাই। আমি প্ৰিন্ট মিডিয়া আৰু ইলেক্ট্ৰনিক মিডিয়াকহে সাংবাদিকতাৰ স্বীকৃতি দিওঁ। গতিকে, দিলোৱাৰ হুছেইন মজুমদাৰক সাংবাদিক বুলি গণ্য কৰিব নোৱাৰি।

মুখ্যমন্ত্ৰীয়ে লগতে মন্তব্য কৰে যে যদি প্ৰেছ ক্লাবে কেতিয়াবা পৰ্টেল ভিত্তিক সাংবাদিকসকলক স্বীকৃতি প্ৰদানৰ কথা চিন্তা কৰে তেন্তে বিষয়টো প্ৰথমে চৰকাৰৰ আলোচনা কৰিব লাগিব।

লগতে হিমন্ত বিশ্ব শৰ্মাই কয় – দিলোৱাৰ হুছেইন মজুমদাৰ আচলতে সাংবাদিক নে ব্যৱসায়ী। তেওঁৰ ডাম্পাৰৰ ব্যৱসায় আছে। তেওঁ ব্যৱসায়ীক কাৰণত গ্ৰেপ্তাৰ হৈছে নে আন কিবা কাৰণত গ্ৰেপ্তাৰ হৈছে সেয়া ক’ব নোৱাৰি।

ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁৰ ওপৰত আৰু দুই-তিনিটা গোচৰ আছে। গোটেইকেইটা গোচৰতে তেওঁক গ্ৰেপ্তাৰ কৰা হ’ব আৰু গোটেইকেইটা গোচৰতে তেওঁ জামিন বিচাৰিব লাগিব।

ইফালে সাংবাদিকৰ আগত শৰ্মাই অভিযোগ উত্থাপন কৰে যে দিলৱাৰ হুছেইন মজুমদাৰ এপেক্স বেংকত সাংবাদিক বাতৰি প্ৰচাৰ কৰিবলৈ যোৱা নাছিল। তেওঁ ব্যক্তিগত আৰ্থিক বিষয়ৰ বাবে হয়তো ঋণ বিচাৰিহে গৈছিল।

তদুপৰি, এজন জনজাতীয় ব্যক্তিৰ প্ৰতি মজুমদাৰৰ অসৎ আচৰণৰ অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰী শৰ্মাই। তেওঁ পুনৰ কয় যে চৰকাৰক সমালোচনা কৰা অধিকাৰ সকলোৰে আছে। তাৰ বাবে কাকো গ্ৰেপ্তাৰ কৰা নহয়।