NORTHEAST NOW (Assamese)
অসম

এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ মুখ খুলিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই; ৩০ নৱেম্বৰৰ ভিতৰত হ’ব নিযুক্তি

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 29, 2020 6:36 pm
Himanta Biswa Sarma. (Photo: twitter@himantabiswa)

এছ আইৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ অতদিনে নিশ্চুপ হৈ থকা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অৱশেষত মুখ খুলিলে।

হিমন্ত বিশ্ব শৰ্মাই এছ আইৰ পৰীক্ষা সন্দৰ্ভত মুখ খুলিলে যদিও পলাতক ‘দিবন ডেকা’ৰ দৰে ‘দালাল’ বোৰক চিনি নাপায় বুলি মত প্ৰকাশ কৰে।

সাংবাদিকে দিবন ডেকাৰ বিজেপিৰে সম্পৰ্কক লৈ প্ৰশ্ন কৰাত মন্ত্ৰীগৰাকীয়ে কয়, ‘দালাল বিলাক আমাৰ পাৰ্টীৰ মানুহ নহয়। দিবন ডেকাই ২০১১ চনতে নিৰ্বাচন খেলিছিল। ১১ ৰ কথা কোনে মনত ৰাখিছে। এই কথাবিলাকৰ পাৰ্টীৰ লগত কোনোধৰণৰ সম্পৰ্ক নাই। মই বিজেপিত ইমান দিন আছো কেতিয়াও তেনেকুৱা ব্যক্তিক দেখা নাই। মই ৬ বছৰত বিজেপি অফিচত তেনেকুৱা ব্যক্তি দেখা নাই। আপোনালোক সংবাদমাধ্যমৰ মানুহে জানো তেওঁক দেখিছে?‘

অৱশ্যে প্ৰশ্ন কাকত ফাদিল হোৱা ঘটনাটোৰ নৈতিক দায়িত্ব মূৰ পাতি লয় মন্ত্ৰীগৰাকীয়ে।

‘প্ৰশ্ন কাকত ফাদিল হৈছে তাৰ এটা নৈতিক দায়িত্ব মূৰ পাতি ল’বই লাগিব।‘ এইদৰে কৈ মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰি কয় ‘১৫ নবেম্বৰৰ ভিতৰত এছ আইৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব। ইমান সুন্দৰকৈ পৰীক্ষা অনুষ্ঠিত হ’ব যে সৰু বস্তু এটাও সোমাব নোৱাৰিব।‘

ইপিনে, ‘বিৰোধীয়ে অভিযোগ উত্থাপন কৰাটো সহজ’ বুলি কংগ্ৰেছক কটাক্ষ কৰি তেওঁ লগতে কয় ‘কিন্তু ২০ বছৰীয়া ৰাজনীতিত টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ আগলৈকে বিৰোধীয়ে অনুষ্ঠিত কৰা প্ৰত্যেক নিযুক্তিতে কেলেংকাৰী আছিল।‘

বিজেপিৰ শাসনৰ কালছোৱাত পঞ্চায়ত, এ পি ডি চি এল, বন বিভাগৰ পৰীক্ষাত বহু বিসংগতিয়ে দেখা দিয়াৰ পাছত শেহতীয়াকৈ দেখা দিলে এছ আই পৰীক্ষাৰ বিয়াগোম কেলেংকাৰীয়ে। তাৰ পাছতো মন্ত্ৰীৰ দাবী ‘প্ৰায় সকলো নিযুক্তিয়েই নিকা কৰিলে বিজেপি চৰকাৰে’।

মন্ত্ৰীগৰাকীয়ে কয় ‘আমি শিক্ষকৰ পৰীক্ষা নিকা কৰিলো লোকসেৱা আয়োগৰ পৰীক্ষা নিকা কৰিলো। য’তে অসুবিধা দেখা পাইছো সেয়া প্ৰত্যাহ্বান হিচাপে লৈছো আৰু পৰৱৰ্তী কালত তাক নিকা তথা সংস্কাৰ কৰিছো। এছ আইৰ পৰীক্ষাৰ বেমেজালি আমাৰ বাবে প্ৰত্যাহ্বান। দোষীয়ে শাস্তি নিশ্চয়কৈ পাব। ভৱিষ্যতে সকলো নিযুক্তিতে সংস্কাৰ হ’ব।‘

মন্ত্ৰীগৰাকীয়ে লগতে দাবী কৰি কয় ‘অসমত নিযুক্তি খেলি-মেলি আছিল। য’ত য’ত পোহৰলৈ আহিছে তাত কেৱল দোষীকে শাস্তি বিহি এৰি দিয়া নাই, একেবাৰে নিকাও কৰি পেলাইছে।আৰক্ষীৰ নিযুক্তিও সুস্থ, সৰ্বাঙ্গ সুন্দৰ আৰু মেধাৱী ছাত্ৰ-ছাত্ৰীৰ বাবে অনুষ্ঠিত হয় তাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব।‘

তাৎপয্যপূৰ্ণভাৱে, বক্ৰ পথৰে চাকৰি লোৱা সকলোৱে চাকৰি হেৰুৱাব বুলি তেওঁ ঘোষণা কৰে।

তেওঁ কয় ‘প্ৰয়োজন সাপেক্ষে চাকৰি কৰি থকা মানুহৰো চাকৰি যাব। যদি বক্ৰ পথৰে চাকৰি লৈছে তেনে নিযুক্তি পোৱাসকলৰো চাকৰি যাব।‘