NORTHEAST NOW (Assamese)
অসম

ছিংগাপুৰত থকা ভাৰতৰ উচ্চায়ুক্ত ড° শিল্পক আম্বুলেৰ লগত নিৰন্তৰ যোগাযোগত আছে হিমন্ত বিশ্ব শৰ্মা : কেতিয়া আহি পাব জুবিন গাৰ্গৰ নিথৰ দেহ?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 19, 2025 7:35 pm
ছিংগাপুৰত থকা ভাৰতৰ উচ্চায়ুক্ত ড° শিল্পক আম্বুলেৰ লগত নিৰন্তৰ যোগাযোগত আছে হিমন্ত বিশ্ব শৰ্মা : কেতিয়া আহি পাব জুবিন গাৰ্গৰ নিথৰ দেহ?

জুবিন গাৰ্গৰ নশ্বৰ দেহ অসমলৈ ঘূৰাই অনাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে অসম চৰকাৰে।  অলপতে হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে জনাইছে এই কথা।

তেওঁ লিখিছে, “মই নিৰন্তৰভাৱে ছিংগাপুৰত ভাৰতৰ সন্মানীয় উচ্চায়ুক্ত ড° শিল্পক আম্বুলে ডাঙৰীয়াৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছোঁ। আমাৰ প্ৰিয় জুবিন গাৰ্গৰ নশ্বৰদেহ তেওঁৰ আপোন ঠাই অসমভূমিলৈ ঘূৰাই অনাৰ বাবে বিভিন্ন বিষয় নিশ্চিত কৰিবলৈ আমি যোগাযোগ অব্যাহত ৰাখি আছোঁ। উক্ত প্ৰক্ৰিয়াটো চূড়ান্ত হ’লেই মই আপোনালোকক অৱগত কৰিম।”

জানিব পৰা মতে, ৮ বজাত সংবাদমেলযোগে সবিশেষ জনাব হিমন্ত বিশ্ব শৰ্মাই।

ইতিমধ্যে ছিংগাপুৰলৈ ৰাওনা হৈছে পত্নী গৰিমা গাৰ্গ। খবৰ অনুসৰি আজি নিশাই কৰা হ’ব গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা। তাৰপিছত এয়াৰ এম্বুলেন্সেৰে মৃতদেহ অনা হ’ব গুৱাহাটীলৈ। ইতিমধ্যেই জুবিন গাৰ্গৰ কাহিলীপাৰাৰ ঘৰ আৰু জু ৰোডৰ ষ্টুডিঅ’ত হাজাৰ হাজাৰ গুণমুগ্ধ সমবেত হৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিছে।