NORTHEAST NOW (Assamese)
অসম

বিশিষ্ট হিন্দী সাহিত্যিক বিনোদ কুমাৰ শুক্লালৈ ২০২৫ বৰ্ষৰ জ্ঞানপীঠ বঁটা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 23, 2025 7:51 am

বিশিষ্ট হিন্দী সাহিত্যিক বিনোদ কুমাৰ শুক্লাক ২০২৫ বৰ্ষৰ ভাৰতৰ সৰ্বোচ্চ সাহিত্য সন্মান জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰা হৈছে।

৮৮ বছৰীয়া এই গল্পকাৰ, কবি তথা প্ৰবন্ধকাৰগৰাকী হিন্দী ভাষাৰ অন্যতম শ্ৰেষ্ঠ সমসাময়িক লেখক হিচাপে পৰিচিত।  উল্লেখ্য যে এই বঁটা লাভ কৰা তেওঁ ছত্তীশগড়ৰ প্ৰথমগৰাকী সাহিত্যিক আৰু হিন্দী সাহিত্যৰ দ্বাদশগৰাকী সাহিত্যিক।

শুক্লাই এই সন্মান লাভ কৰি আনন্দ প্ৰকাশ কৰি কয়, “এয়া মোৰ বাবে অপৰিসীম সুখৰ মুহূৰ্ত। মই কেতিয়াও ভবা নাছিলোঁ যে এনে স্বীকৃতি পাম।” তেওঁ জনায় যে তেওঁ এতিয়াও শিশুসকলৰ বাবে লিখাৰ প্ৰতি নিষ্ঠাবান।

জ্ঞানপীঠ নিৰ্বাচন সমিতিৰ সভাপতি প্ৰতিভা ৰয়ৰ নেতৃত্বত তেওঁৰ নাম চূড়ান্ত কৰা হয়। শুক্লাই হিন্দী সাহিত্যত অসাধাৰণ অৱদান আৰু স্বকীয় লেখন শৈলীৰ বাবে এই সন্মান লাভ কৰিছে বুলি সমিতিয়ে মতপ্ৰকাশ কৰে।

তেওঁৰ উল্লেখযোগ্য ৰচনাৰ ভিতৰত আছে “নৌকৰ কী কমীজ” (১৯৭৯) আৰু “সব কুছ হোনা বাচা ৰহেগা” (১৯৯২)। ১৯৯৯ চনত তেওঁ “দীৱাৰ মে এক খিৰকী ৰহতী থী”ৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।

নৱাগত লেখকসকলক তেওঁ পৰামৰ্শ দি কয় যে নিজৰ ওপৰত ভৰসা ৰাখক, লিখি যাওক। লগতে প্ৰকাশৰ পিছত পাঠকৰ মতামতৰ প্ৰতি গুৰুত্ব দিবলৈ পৰামৰ্শ দিয়ে।