NORTHEAST NOW (Assamese)

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিয়ম উলংঘা কৰি মুখ্যমন্ত্ৰীৰ সৈতে আধ্যাত্মিক গুৰু জাগ্গী বাসুদেৱৰ নৈশ চাফাৰী , তীব্ৰ প্ৰতিক্ৰিয়া, এজাহাৰ দাখিল

September 25, 2022 9:40 pm · এন ই নাও নিউজ,গুৱাহাটী

শনিবাৰে নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলত চাফাৰী কৰাৰ বাবে সমালোচনাৰ সন্মুখীন হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আধ্যাত্মিক গুৰু জাগ্গী বাসুদেৱ।

অসম চৰকাৰে আয়োজন কৰা তিনিদিনীয়া চিন্তন শিবিৰ উদ্বোধন কৰিবলৈ কাজিৰঙাত উপস্থিত হোৱা সাধুগুৰুৱে শনিবাৰে নিশা মিহিমুখৰ পৰা এখন জীপেৰে ৰাষ্ট্ৰীয় উদ্যান খনৰ ভিতৰত নিয়ম উলংঘা কৰি চাফাৰীৰ নেতৃত্ব দিয়ে।

আধ্যাত্মিক গুৰুজনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু উদ্যান আৰু বন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে ৰাষ্ট্ৰীয় উদ্যানৰ কেন্দ্ৰীয় পৰিসৰত নিশা নিয়ম উলংঘা কৰি চাফাৰী কৰে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৱেবছাইট অনুসৰি, উদ্যানখনত পুৱা ৮ বজাৰ পৰা পুৱা ১০ বজালৈ আৰু দুপৰীয়া ২ বজাৰ পৰা আবেলি ৪ বজালৈহে জীপ আৰু হাতী চাফাৰী কৰিব পাৰা যায়।

নাম প্ৰকাশ কৰিবলৈ অনিচ্ছুক ৰাষ্ট্ৰীয় উদ্যান খনৰ এগৰাকী বিষয়াই কয় যে উদ্যানৰ বিষয়া আৰু কৰ্মচাৰীৰ বাহিৰে আন কাকো সন্ধিয়া ৫ বজাৰ পিছত উদ্যানৰ ভিতৰত সোমাবলৈ অনুমতি দিয়া নহয়।

কিন্তু সাধু আৰু মুখ্যমন্ত্ৰীয়ে সেই নিয়ম উলংঘা কৰি নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চাফাৰী কৰাৰ কথাই বহুতকে আচৰিত কৰি তুলিছে। এই প্ৰসংগত উদ্বেগ প্ৰকাশ কৰি বন্যপ্ৰাণী কৰ্মী মুবিনা আখটাৰে সাধগুৰুৰ বিৰুদ্ধে বন্য জীৱন (সুৰক্ষা) আইন, ১৯৭২ আৰু পশুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ আইন, ১৯৬০ৰ ধাৰা উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰে।

“এয়া বন্যপ্ৰাণী সংৰক্ষণ প্ৰটোকলৰ এক নিৰ্লজ্জ উলংঘন। সদগুৰুৱে নিজকে এজন পৰিৱেশবিদ হিচাপে দাবী কৰে, বন্যপ্ৰাণী সুৰক্ষাৰ নিয়মৰ বিষয়ে তেওঁৰ মৌলিক ধাৰণা নাই নেকি?” আখটাৰে প্ৰশ্ন কৰে। তেওঁ মুখ্যমন্ত্ৰী শৰ্মাকো আইনৰ বিধান উলংঘা কৰাৰ বাবে সমালোচনা কৰে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাক্তন সঞ্চালক সুৰজিৎ দত্তই কয় যে নিশাৰ চাফাৰী বন্যপ্ৰাণীৰ বাবে ঘতিকাৰক কথা।
“এয়া উদ্যানখনৰ বন্যপ্ৰাণীৰ বাবে ভাল কথা নহয়।এনে কাৰ্যই বন্যপ্ৰাণীৰ শান্তি বিঘ্নিত কৰিব পাৰে। যেতিয়া মোক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিযুক্তি দিয়া হৈছিল, সন্ধিয়া ৫ বজাৰ পিছত চাফাৰীৰ অনুমতি দিয়াৰ কোনো নিয়ম নাছিল। এতিয়া কি চৰ্তত অনুমতি দিয়া হৈছে, মই নাজানো,” দত্তই কয়।

উল্লেখ কৰিব পাৰি যে, চলিত বৰ্ষৰ জুলাই মাহত ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ কৰ্তৃপক্ষই মধ্য প্ৰদেশ চৰকাৰক ৰাজ্যখনৰ বাঘ সংৰক্ষিত অঞ্চলত নিশাৰ চাফাৰী বন্ধ কৰিবলৈ কৈছিল । কিয়নো ই বন্যপ্ৰাণীৰ ক্ষেত্ৰত নানান বাধাৰ সৃষ্টি কৰে।

এনটিচিএ-য়ে ৰাজ্যৰ বন বিভাগলৈ লিখা এখন পত্ৰত কৈছিল যে নিশাৰ চাফাৰীয়ে বন্যপ্ৰাণী বাস কৰা অঞ্চলত শব্দৰ সৃষ্টি কৰে।

“বাহনৰ পোহৰৰ বাবে জন্তুবোৰ শংকিত হয়। এইবোৰে জীৱ-জন্তুবোৰক চাপত পেলায়। কিয়নো সিঁহত প্ৰাকৃতিক পোহৰতহে অভ্যস্ত,” এনচিটিএ-য়ে উল্লেখ কৰিছিল। কিন্তু সেই সকলো বাধা-নিষেধৰ কথা যেন পাহৰি গ’ল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আন লোকসকলে।

উল্লেখ্য নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰাৰ বাবে সংশ্লিষ্ট ব্যক্তিসকলৰ বিৰুদ্ধে সোনেশ্বৰ নৰহ আৰু প্ৰদীপ পেগুৱে দেওবাৰে বোকাখাত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

Related News