NORTHEAST NOW (Assamese)
অসম

ক’ভিডৰ সময়ত নিবিদা আহ্বানকলৈ শিৱসাগৰ পৌৰ প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ June 24, 2021 5:32 pm
Sibsagar photo

ক’ভিড পৰিস্থিতিৰ সময়ত শিৱসাগৰ পৌৰসভাৰ হঠকৰী সিদ্ধান্ত। কাৰ্ফিউৰ মাজতে নিবিদা আহ্বানক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সষ্টি হৈছে শিৱসাগৰত।

এই নিবিদা প্ৰক্ৰিয়া স্থগিত ৰাখিবলৈ দাবী জনাইছে হিন্দু ফেডাৰেচনে।

উল্লেখ্য যে অহা ২৮ জুনত শিৱসাগৰ পৌৰসভাই কেন্দ্ৰীয় বজাৰ, নতুন বজাৰ, শুকুৰবৰীয়া বজাৰ, দেওবৰীয়া বজাৰ, দুচকীয়া-চাৰিচকীয়া বাহন, ডাঙৰ গাড়ীৰ পাৰ্কিং, চাইকেল গেৰেজ আদিৰ নিবিদাৰ আহ্বান কৰিছিল।

কিন্তু শিৱসাগৰত দৈনিক ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই থকাৰ বাবে দুপৰীয়া ১২ বজাত কাৰ্ফিউ ঘোষণা কৰিছে জিলা প্ৰশাসনে।

এই কাৰ্ফিউৰ মাজতে শিৱসাগৰ জিলা প্ৰশাসন তথা পৌৰ প্ৰশাসনে  বজাৰ তথা পাৰ্কিংৰ নিবিদা আহ্বান কৰাকলৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শিৱসাগৰত।

পৌৰসভাই আহ্বান কৰা এই নিবিদা প্ৰক্ৰিয়া স্থগিত ৰাখিবলৈ দাবী জনাই আজি শিৱসাগৰ জিলা উপায়ুক্তক স্মৰকপত্ৰ প্ৰদান কৰে হিন্দু ফেডাৰেচনে।

আনহাতে, শিৱসাগৰ পৌৰ সভাই আহ্বান জনোৱা বিভিন্ন নিবিদা প্ৰক্ৰিয়াসমুহ স্থাগিত ৰাখিবলৈ ইতিপূৰ্বে বহু দল-সংগঠন তথা ব্যক্তি বিশেষে জিলা প্ৰশাসন আৰু পৌৰ প্ৰশাসনক অনুৰোধ জনাইছিল যদিও প্ৰশাসনে কোনোধৰণৰ গুৰত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে।