NORTHEAST NOW (Assamese)
Popular Stories

অতি অদ্ভুট! চিৰিয়াখানাৰ বাঘে গৰু খোৱাৰ বিৰোধিতা হিন্দুত্ববাদী সংগঠনৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া October 12, 2020 3:56 pm
অতি অদ্ভুট! চিৰিয়াখানাৰ বাঘে গৰু খোৱাৰ বিৰোধিতা হিন্দুত্ববাদী সংগঠনৰ

অদ্ভুট মানে সঁচাকৈয়ে এক অদ্ভুট দাবী উত্থাপন কৰিছে অসমৰ হিন্দুত্ববাদী সংগঠনে।

বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ উচতনিত গুৱাহাটীৰ কেইজনমান উগ্ৰ হিন্দুত্ববাদী পালিনেতাই অসম ৰাজ্যিক চিৰিয়াখানাৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

বাঘ-সিংহক খুৱাবলৈ অনা গো-মাংসৰ বাহন আগ ভেটি ধৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনকেইটাই।

গৰু মাংসৰ বিপৰীতে অন্য মাংস বাঘ-সিংহক দিবৰ বাবে আহ্বান চিৰিয়াখানা কৰ্তৃপক্ষক।

গৰু মাংস কঢ়িওৱা বাহনখন প্ৰায় আধা ঘণ্টা ধৰি চিৰিয়াখানাৰ প্ৰৱেশদ্বাৰৰ সন্মুখত আবদ্ধ কৰি ৰাখে গোড়া হিন্দুত্ববাদী সংগঠনৰ নেতৃত্বই।

উল্লেখযোগ্য যে, দেওবাৰে এক সংবাদমেলযোগে চিৰিয়াখানাৰ বাঘক গৰু মাংস দিয়াৰ বিৰোধিতা কৰিছিল সত্য ৰঞ্জন বৰাই।

সংবাদমেলখনত চৰকাৰৰ লগতে চিৰিয়াখানা কৰ্তৃপক্ষলৈ আহ্বান জনাই কৈছিল, ‘আপোনালোকে অন্তত চিৰিয়াখানাত থকা পশুকেইটাক গৰু মাংস খুওৱা বন্ধ কৰক। গৰু মাংসৰ ব্যৱস্থা বন্ধ নকৰিলে আমাৰ ফালৰ পৰা বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব।‘