NORTHEAST NOW (Assamese)

ৰাষ্ট্ৰসংঘত পাকিস্তানক তুলাধুনা দিলে ভাৰতে! : কিন্তু কিয়? জানিবলৈ পঢ়ক…

September 16, 2020 8:48 pm · এন ই নাও নিউজ
Updated: September 16, 2020 8:54 pm

সন্ত্ৰাসবাদ আৰু সংখ্যালঘু নিৰ্যাতনকলৈ পাকিস্তানক ৰাষ্ট্ৰসংঘৰ মজিয়াত তুলাধুনা দিলে ভাৰতে।

মংগলবাৰে ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদত প্ৰতিৱেশী দেশখনক সন্ত্ৰাসবাদৰ বাসভূমি বুলিও দাবী কৰিছে নতুন দিল্লীয়ে।

ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদৰ ৪৫ সংখ্যক অধিৱেশনত ভাৰতৰ প্ৰতিনিধিয়ে কয় “সন্ত্ৰাসবাদৰ কেন্দ্ৰবিন্দু পাকিস্তান। সেই দেশত হিন্দু, শিখ আৰু খ্ৰীষ্টান নিপীড়িত হৈছে। দেশখনত সংখ্যালঘুসকলৰ মানৱাধিকাৰ বুলি একোৱে নাই। পাকিস্তানে জম্মু আৰু কাশ্মীৰত ভাৰতে মানৱাধিকাৰ উলংঘন কৰা বুলি কৰা অভিযোগ সম্পূৰ্ণ ভিত্তিহীন।”

ভাৰতৰ প্ৰতিনিধিয়ে গৰাকী আৰু কয় “যিখন দেশে নিজৰ সংখ্যালঘুসকলৰ অধিকাৰ কাঢ়ি নিছে, সেইখন দেশে ভাৰতকে নহয় কোনো দেশকে এই উপদেশ দিয়াৰ অধিকাৰ নাই।”

পাকিস্তানত ধৰ্মীয় আইন অৱমাননা কৰাৰ লগতে জোৰকৈ ধৰ্মান্তৰিত কৰা, গুপ্তহত্যা, গোষ্ঠী সংঘৰ্ষ আৰু ধৰ্ম ভিত্তিক বৈষম্যক আধাৰৰূপে লৈ দেশখনত সংখ্যালঘুৰ ওপৰত অত্যাচাৰ চলাই আহিছে বুলি ভাৰতীয় প্ৰতিনিধি গৰাকীয়ে অভিযোগ কৰে।

উল্লেখ্য যে বেলুচিস্তানত পাক সেনাই অত্যাচাৰ কৰাৰ প্ৰসংগ ৰাষ্ট্ৰসংঘত উত্থাপন কৰি পাকিস্তান তুলাধুনা দিলে ভাৰতে।

পাকিস্তানে সাংবাদিক আৰু বিৰোধী পক্ষৰ মুখ বন্ধ কৰা বুলি অভিযোগ কৰি ভাৰতে লগতে কয় যে ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদত পাকিস্তানে ভাৰতৰ বিষয়ে প্ৰশ্ন কৰাৰ কোনো অধিকাৰেই নাই।

Related News