NORTHEAST NOW (Assamese)
অসম

বাঘমাৰাত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ আঞ্চলিক সমিতি গঠন

Posted by: শশাংক তালুকদাৰ Updated by: শশাংক তালুকদাৰ March 31, 2019 6:00 pm
Hindu Yuva Chattra Parishad regional committee formed at Baghmara in Assam's Bajali

দেওবাৰে বজালীত অনুষ্ঠিত এক সাধাৰণ সভাত গঠন কৰা হৈছে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ বৃহত্তৰ বাঘমাৰা আঞ্চলিক সমিতি।

বৰপেটা জিলা নেতৃত্বৰ উপস্থিতিত বাঘমাৰা ৰ’জ বাদ একাডেমিত অনুষ্ঠিত সভাখনত ধৰ্মেন্দ্ৰ দাসক সভাপতি, তপন কলিতাক উপ সভাপতি, কিশোৰ কলিতাক সাধাৰণ সম্পাদক, ধনীৰাম দাসক সহকাৰী সাধাৰণ সম্পাদক, অপূৰ্ব দাসক প্ৰচাৰ সম্পাদক আৰু সঞ্জীৱ দাসক সাংগঠনিক সম্পাদকৰূপে লৈ এখন ২১জনীয়া সমিতি গঠন কৰা হৈছে।

কাৰ্য্যভাৰ গ্ৰহণ কৰি সদস্যসকলে কয় যে আগন্তুক দিনত তেওঁলোকে নিজ জাতিৰ হকে কাম কৰি যাব।

সাংগঠনিক ভেটি মজবুত কৰাৰ উদ্দেশ্যে অনুষ্ঠিত কৰা সভাখনত জিলা সভাপতি মিহিৰ মেধী, সম্পাদক সত্যজিৎ দেউৰী, উপ সভাপতি হেমন্ত তালুকদাৰ, সাধাৰণ সম্পাদক হিমাংশু কাকতি  আৰু সঞ্জীৱ দাস উপস্থিত আছিল।