“ৰাজনীতিৰ ভূত!” জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত কি ক’লে বিশিষ্ট বুদ্ধিজীৱী ড° হীৰেন গোহাঁয়ে
জুবিন গাৰ্গৰ ৰহস্যজন মৃত্যুৰ তদনন্তক লৈ সৃষ্টি হোৱা ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিত শিল্পী গৰাকীৰ ৰহস্যজনক মৃত্যুৰ তদন্ত প্ৰহসনত পৰিৱৰ্তন হ’ব বুলি শংকা প্ৰকাশ কৰিছে ৰাজ্যৰ সচেতন মহলে।
এই সন্দৰ্ভত বিশিষ্ট বুদ্ধিজীৱী ড° হীৰেন গোহাঁইয়ে কয় যে, হিমন্ত বিশ্বই বাৰু জুবিনৰ মৃত্যুক লৈ ৰাজনীতি নকৰি আশাসুধীয়া কষ্ট কৰি আছে। বাকী সকলে জুবিনৰ বাবে ন্যায় বিচাৰি দাবী জনোৱাত তেওঁ ক্ষুব্ধ হৈছে। তেওঁ কিবা অন্যায় কৰিব খুজিছে নেকি? তেওঁৰ দৰে আৰু কিছুমানে ‘ৰাজনীতি কৰা’ৰ অভিযোগ আনিছে। তাৰ অৰ্থ কি?
তেওঁ আৰু কয় যে ৰাজনৈতিক দল বোৰৰ কামেই হৈছে ৰাইজৰ মাজৰ পৰা উঠা ক্ষোভ আৰু আপত্তিক দাবীত পৰিণত কৰা। সমগ্ৰ ৰাইজ জাগি উঠাৰ সময়ত তেওঁলোক শুই থাকিব নোৱাৰে। তাক অনধিকাৰ চৰ্চা বুলিব নোৱাৰি। ইতিমধ্যে এজন অভিযুক্তৰ লগত মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সম্পৰ্কৰ ঢেৰ প্ৰমাণ ওলাইছে। SIT মুখ্যমন্ত্ৰীয়ে গঠন কৰা দল। তেওঁৰ ক্ষমতা আৰু প্ৰভাৱৰ অধীন। আৰু ভাৰতৰ আৰক্ষী স্বাধীন নহয় বুলি আটায়ে জানে। তেন্তে কিছু সঙ্শয়ৰ বুৰবুৰণি উঠিবই। আৰু সেই সতৰ্কতা খিনিক ‘ৰাজনীতি’ৰ অপবাদ দি তদন্ত প্ৰকৃততে পক্ষপাতহীন হোৱা বন্ধ কৰিলে ফলাফল আশানুৰূপ নহ’ব,আৰু জুবিনৰ ছদ্মবেশী ঘাতক সাৰি যাব পাৰে। গতিকে তদন্তকো চিধা বাটৰ পৰা ফালৰি কাটি যাবলৈ দিব নোৱাৰি বুলি মত পোষণ কৰিছে হীৰেন গোহাঁইয়ে।