NORTHEAST NOW (Assamese)

নগাঁৱত আজৱ ঘটনা : ভেটিত গাঁও পঞ্চায়ত স্থাপন কৰি চৰকাৰে ভূমিহীন কৰিলে এটা পৰিয়ালক

August 22, 2018 9:17 am · বিদ্যুত জ্যোতি বৰা

সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত অসমৰ অস্তিত্ব ৰক্ষাৰ সেই  পৃথিৱী কঁপোৱা ছয় বছৰীয়া আন্দোলনৰ সময়তে ১৯৮৩ চনত নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ নিজ খাটোৱালত সন্দেহ জনক দুস্কৃতিকাৰীয়ে বহু লোকৰ ঘৰ-দুৱাৰ জ্বলাই সৰ্বহাৰা কৰিছিল বহু পৰিয়ালক।

উল্লেখ্য যে পৰৱৰ্তী সময়ত অসম চৰকাৰে দুৰ্ভগীয়া সেই পৰিয়াল সমূহৰ একাংশক নিজ খাটোৱাল ৰিজাৰ্ভত ভূমি আবণ্টন দি সংস্থাপিত কৰিছিল যদিও ৮৩ৰ সেই ভয়াবহ স্মৃতিয়ে আজিও ল’গ এৰা নাই অনিল হীৰা নামৰ লোকজনৰ পৰিয়ালটোক। আজি পৰ্যন্ত হীৰাৰ পৰিয়ালটোৱে লাভ কৰা নাই পূৰ্ণ সংস্থাপন।

জানিব পৰা মতে, অনিল হীৰা নামৰ উক্ত লোক জনে খাটোৱাল ৰিজাৰ্ভত সাধাৰণ এটা ঘৰ নিৰ্মান কৰি বসবাস কৰি আছিল যদিও পৰৱৰ্তী সময়ত কৰ্মৰ সন্ধানত দুলিয়াজানলৈ  গৈ তাতে থাকিবলৈ লৈছিল৷

চামগুৰি সমষ্টিৰ বিধায়ক তথা এসময়ৰ প্ৰাক্তন প্ৰতাপী মন্ত্ৰী ৰকিবুল হুছেইনৰ কাৰ্যকালৰ সময়চোৱাতে অনিল হীৰাৰ পৰিয়ালটো উক্ত স্থানত নথকাৰ সুযোগ গ্ৰহণ কৰি সেই ভূমিত নিজ খাটোৱাল গাঁও পঞ্চায়ত কাৰ্যালয় স্থাপন কৰে। ফলতে মৃত অনিল হীৰাৰ পৰিয়ালটো সম্প্ৰতি চৌদিশে বঞ্চনাৰ সন্মুখীন হ’বলগীয়া হৈছে৷

সম্প্ৰতি উক্ত পৰিয়ালটোৱে অনাই বনাই ঘূৰি থকাৰ পাছত স্থানীয় কেইগৰাকী মান লোকৰ তৎপৰতাত নিজ খাটোৱাল গাঁও পঞ্চায়তৰ পুৰণা কাৰ্যালয়টোতে মাহে এশ টকা ঘৰ ভাড়াৰ বিনিময়ত থকিবলৈ লৈছে যদিও ভূমিহীন পৰিয়ালটোৱে অন্যান্য বহু সা- সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে ৷

ইফালে সাংবাদিকে উক্ত হৃদয় বিদাৰক ঘটনা পোহৰলৈ অনাৰ পাছত বিজেপিৰ কলিয়াবৰ জিলা সমিতিৰ বিষয়-ববীয়াকে প্ৰমুখ্য কৰি বহু কেইবাগৰাকী লোক উক্ত স্থানত উপস্থিত হৈ অনিল হীৰাৰ দুৰ্ভগীয়া পৰিয়ালটোক পূৰ্ণ সহ়যোগীতাৰ আশ্বাস প্ৰদান কৰে বুলি জানিব পৰাৰ লগতে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ হিতাধিকাৰী ৰেচন কাৰ্ড পোৱাৰ সুবিধা কৰি দিয়ে।

লক্ষ্যণীয় কথাটো হ’ল যে পৰিয়ালটোৰ বাবে আবণ্টিত হোৱা ভূমিত পানী যোগান আঁচনি ৰূপায়ন আৰু পঞ্চায়ত কাৰ্যালয় স্থাপন কৰাৰ ফল স্বৰূপে পৰিয়ালটোয়ে পৰৱৰ্তী সময়ত কি দৰে সংস্থাপন লাভ কৰিব পাৰিব তাকলৈ সমগ্ৰ অঞ্চলটোত সৰৱ চৰ্চা হোৱা পৰিলক্ষিত হৈছে ৷

Related News