NORTHEAST NOW (Assamese)

অৱহেলিত ইতিহাস প্ৰসিদ্ধ বিশ্বনাথ ঘাট : কাণসাৰ নাই পৰ্যটন বিভাগৰ

October 29, 2018 3:48 pm · কাজি জেইদুল ইছলাম
Updated: October 29, 2018 3:55 pm

যি সময়ত অসমৰ পৰ্যটনথলীসমুহ বিশ্বৰ আগত প্ৰচাৰৰ কৰাৰ বাবে কোটি টকা ব্যয় সাপেক্ষে বলীউডৰ মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাক দায়িত্ব দিয়া হল যদিও তাৰ বিপৰীতে ৰাজ্যৰ পৰ্যটন নগৰীসমুহৰ উন্নয়ন আৰু ঐতিহাসিক স্থানসমুহ সংৰক্ষণ কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষই যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল কাৰ্যতঃ সেয়া কৰা হোৱা নাই।

বিশেষকৈ ইংৰাজৰ শাসন কালত ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত নদী পৰিবহনৰ বাবে যথেষ্ট ব্যস্ত জাহাজ ঘাট হিচাপে পৰিগণিত আছিল বিশ্বনাথ ঘাট আৰু তাৰ বাবে নিশা ভাগত অহা যোৱা কৰা জাহাজসমুহ নদীৰ মাজত থকা প্ৰকাণ্ড শিলাখণ্ডৰ পৰা সুৰক্ষিত ভাবে পৰিবহণৰ ব্যৱস্থা চলাচল হৈ থকাৰ বাবে বুঢ়া লুইতৰ বুকুত স্থাপন কৰা হৈছিল এটি প্ৰকাণ্ড লেম্প পোষ্ট। কিন্তু বুঢ়া লুইতৰ বিশাল ঢৌৰ আগত প্ৰায় ১৫০ বছৰীয়া এই ঐতিহাসিক লেম্প পোষ্টটো যোৱা বাৰিষাত খহি পৰে।

প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য্যক এক অনন্য মাত্ৰা প্ৰদান কৰি যোৱা এই সম্পদটো পুনৰ্নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে আজি পৰ্যন্ত  বিশেষ পদক্ষেপ গ্ৰহণ নকৰিলে। ৰাজ্য চৰকাৰৰ অমনোযোগিতা আৰু পৰ্যটন বিভাগৰ অৱহেলাৰ বাবে ক্ৰমান্বয়ে জহি খহি ধ্বংস হ’ব ধৰিছে ৰাজ্যখনৰ পৰ্যটনৰ এটা আকৰ্ষণীয় কেন্দ্ৰস্থল বিশ্বনাথ ঘাটৰ সৌন্দৰ্য।

Related News